NEWS8 NE

অকালতে স্বৰ্গগামী হ’ল পঞ্চদশ অসম বিধানসভাৰ আন এজন সদস্য

নিউজ ডেস্ক। যেন কালিকা লাগিল পঞ্চদশ অসম বিধানসভাত! প্ৰথমটাে অধিৱেশনৰ পাছতে মাত্ৰ এসপ্তাহতে দুজনকৈ নৱ নিৰ্বাচিত জনপ্ৰতিনিধিয়ে অকালতে হেৰুৱালে প্ৰাণ। ক’ভিড-১৯ত আক্ৰান্ত আন কেবাজনাে।

প্ৰথমে গােঁসাইগাঁও বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত বিপিএফৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে ক’ভিড-১৯ত আক্ৰান্ত হৈ যােৱা ২৬ মে’ৰ পুৱা ক’ভিডত প্ৰাণ হেৰুৱালে।

ইয়াৰ দুদিন পিছতে শনিবাৰে পুনৰ তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক লেহোৰাম বড়োৰ ক’ভিড-১৯ত দেহাৱসান।

দুয়ােগৰাকী বিধায়কে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল।

উল্লেখ্য যে পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ খণ্ড উন্নয়ন বিষয়া হিচাপে অৱসৰ লৈ প্ৰথমবাৰৰ বাবে নৱগঠিত UPPL দলৰ টিকটত তামুলপুৰ বিধানসভা সমষ্টি পৰা বিপুল ভোটত জয়ী হৈছিল লেহোৰাম বড়ো।

কিন্তু নিষ্ঠুৰ নিয়তিৰ হাতত পৰাজিত হ’ল প্ৰথমবাৰৰ জনপ্ৰতিনিধি লেহােৰাম বড়াে। তেওঁৰ মৃত্যুত শােকস্তব্ধ হৈ পৰিছে সমষ্টিবাসী ৰাইজ। শােকত ভাগি পৰিছে আত্মীয় তথা শুভাকাংক্ষীবৃন্দ।

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সহযােগী দলৰ বিধায়কজনৰ এনে আকস্মিক মৃত্যুৰ গভীৰ শােক প্ৰকাশ কৰিছে। টুইটাৰত তেওঁ লিখিছে ”সতীৰ্থ বিধায়ক লেহোৰাম বড়োৰ অকাল বিয়োগত মৰ্মাহত হৈছোঁ। তামুলপুৰ সমষ্টিৰ ৰাইজৰ লগতে সমগ্ৰ অসমৰ ৰাজনৈতিক জীৱনৰ বাবে ই এক বৃহৎ ক্ষতি। এই শোকৰ মুহূৰ্তত মই তেওঁৰ পৰিয়ালবৰ্গৰ দুখৰ সমভাগী হোৱাৰ লগতে মৃতকৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।”

ইপিনে, UPPL দলৰ মুৰব্বী তথা BTR ৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমােদ বড়ােৱে দলীয় বিধায়কজনৰ মৃত্যুক সমগ্ৰ তামুলপুৰ অঞ্চলৰ লগতে দলৰ ভীষণ ক্ষতি হােৱা বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে প্ৰয়াত বিধায়কজনৰ আত্মাৰ সদগতি কামনা কৰিছে।

Exit mobile version