অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা মেঘালয়ত ধৰ্মীয় স্থান সমূহ খোলাৰ সিদ্ধান্ত মেঘালয় চৰকাৰৰ !

অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা মেঘালয়ত ধৰ্মীয় স্থান সমূহ খোলাৰ সিদ্ধান্ত মেঘালয় চৰকাৰৰ !

September 8, 2020 0 By NEWS DESK

দেশজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ।

কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি দেশত বন্ধ হৈ আছে স্কুল-কলেজ তথা ধৰ্মীয় স্থল সমূহ।

মেঘালয়তো বৰ্তমানেও বন্ধ হৈ আছে ধৰ্মীয় স্থান সমূহ।

কিন্তু কৰ’ণাৰ ভয়াৱহতা কিছু হ্ৰাস পালে অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা মেঘালয়ত খোলা হ’ব ধৰ্মীয় স্থান সমূহ।

সোমবাৰে মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নেতৃত্বত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত মেঘালয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে।

বৈঠকৰ অন্তত মেঘালয়ৰ উপ-মুখ্য মন্ত্ৰী প্ৰেষ্ট’ন টাইচংঙে কয় যে, মেঘালয়ৰ মুখ্য সচিৱৰ নেতৃত্বত বিভিন্ন ধৰ্মীয় গোটৰ উপস্থিতিত এখন সমিতি গঠন কৰি দিয়া হৈছে আৰু এই কমিটিয়ে ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতি অধ্যয়ন কৰি অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা মেঘালয়ত ধৰ্মীয় স্থান সমূহ খোলাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব।