অক্সফোৰ্ডৰ ক’ভিড ভেকচিন লৈ ব্ৰাজিলত মৃত্যু হৈছে এগৰাকী স্বেচ্ছাসেৱকৰ!

অক্সফোৰ্ডৰ ক’ভিড ভেকচিন লৈ ব্ৰাজিলত মৃত্যু হৈছে এগৰাকী স্বেচ্ছাসেৱকৰ!

October 22, 2020 0 By NEWS DESK

বিশ্বজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ।

বিশ্বৰ প্ৰতিখন দেশৰ চিকৎসাবিজ্ঞানীয়ে কোভিড ভেকচিন প্ৰস্তুতৰ বাবে অহোপুৰুষাৰ্থ কৰি আছে।

এই প্ৰচেষ্টাৰ ফলতে বিশ্বৰ কেবাখনো দেশত কোভিড ভেকচিন প্ৰস্তুত কৰি ক্লীনিকেল ট্ৰায়েল আৰম্ভ কৰাও হৈছে।

কিন্তু ইয়াৰ মাজতে এক দুখবৰ যে, ক’ভিড ভেকচিনৰ পৰীক্ষাৰ ফলত ব্ৰজিলত এগৰাকী স্বেচ্চাসেৱকৰ মৃত্যু হয়।

ব্ৰাজিলিয়ান স্বাস্থ্য কৰ্তৃপক্ষ আনভিচাই বুধবাৰে প্ৰকাশ কৰা অনুসৰি এষ্ট্ৰাজেনেকা আৰু অষ্কফ’ৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা তৈয়াৰ কৰা কোভিড ১৯ ভেকছিনৰ পৰীক্ষণৰ ফলত এজন স্বেচ্ছাসেৱকৰ মৃত্যু হয়।

অৱশ্যে এই সম্পৰ্কীয় কোনো বিতং তথ্য এতিয়াও প্ৰকাশ কৰা নাই ব্ৰাজিল কৰ্তৃপক্ষই।

ব্ৰাজিলৰ চাও পাওলোৰ ফেডাৰেল বিশ্ববিদ্যালয়ে ব্ৰাজিলত ভেকচিনটো অন্তিম তথা তৃতীয়টো ক্লীনিকেল ট্ৰায়েলৰ তদাৰক কৰিছে। বিশ্ববিদ্যালয়খনেও ভেকচিন লৈ এজন স্বেচ্ছাসেৱক মৃত্যু হোৱাৰ কথা স্বীকাৰ কৰিছে।

অৱশ্যে ব্ৰাজিলৰ ক’ত আৰু কোন স্বেচ্ছাসেৱকৰ মৃত্যু হৈছে তাৰ সবিশেষ তথ্য চাও পাওলো ফেডাৰেল বিশ্ববিদ্যালয়েও প্ৰকাশ কৰা নাই। তেওঁলোকে কয় যে স্বেচ্ছাসেৱকজনৰ পৰিচয় প্ৰকাশ কৰা নহয়। অৱশ্যে মৃত স্বেচ্ছাসেৱকজনৰ বয়স ২৮ বছৰ আছিল বুলি জানিব পৰা গৈছিল।

কিন্তু লগতে উল্লেখ কৰি কয় ভেকচিনৰ পৰীক্ষণটো অব্যাহত থাকিব।

অষ্কফ’ৰ্ড বিশ্ববিদ্যালয়ৰ এটা বিবৃতিৰ জৰিয়তে কয় যে নিশ্চিত কৰে যে ‘এই পৰীক্ষণৰ ক্ষেত্ৰত কোনো ধৰনৰ সুৰক্ষাৰ বিষয়ে কোনো উদ্বেগ নাই।’

আনহাতে আষ্ট্ৰাজেনেকাৰে দাবী কৰিছে যে মৃত স্বেচ্ছাসৱেকজন অক্সফোৰ্ডৰ ভেকচনিটো প্ৰয়োগ কৰা হোৱা নাছিল। অক্সফোৰ্ডেও দাবী কৰিছে যে এই ভেকচিনটো জীৱনঘাটক নহয়।