অখিল গগৈৰ মুক্তিঃ আইনী যুঁজৰ বাবে কৃষক মুক্তিয়ে বিচাৰিলে ৰাইজৰ আৰ্থিক সহায় !

অখিল গগৈৰ মুক্তিঃ আইনী যুঁজৰ বাবে কৃষক মুক্তিয়ে বিচাৰিলে ৰাইজৰ আৰ্থিক সহায় !

August 14, 2020 0 By NEWS DESK

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ ।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ হোৱা অখিল গগৈৰ মুক্তিৰ বাবে পুনৰ সোচ্চাৰ হৈছে বিভিন্ন দল-সংগঠন ।

ইয়াৰ মাজতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক সংবাদমেল সম্বোধন কৰি অখিল গগৈৰ মুক্তিৰ বাবে আইনী যুঁজ চলোৱাৰ নামত ৰাইজৰ পৰা বিচাৰিলে আৰ্থিক সহায় ।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাষ্কো ডি শইকীয়াই কয়- ‘অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ এটাই পথ আছে । সেয়া হৈছে আইনী যুঁজ । আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিব লাগিব । ইতিমধ্যে আমি উচ্চ ন্যায়ালয়ৰ দাৰস্থ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ।’

লগতে কয়- ‘আইনী যুঁজৰ বাবে প্রয়োজন আৰ্থিক সহায়ৰ । এইক্ষেত্ৰত কেৱল এটা বা দুটা দিনতে ৩-৪ লাখ টকা প্ৰয়োজন হ’ব কৃষক মুক্তি সংগ্ৰাম সমিতিক । আমাৰ হাতত এই সময়ত এটকাও পইচা নাই বুলি কব পাৰি ।’

‘যিসকল লোকে এইসময়ত অখিল গগৈৰ মুক্তি বিচাৰে । তেওঁলোক ওলাই আহক। আমাক সহায় কৰক। যি পাৰে দান কৰক। অন্যথা আমি অখিল গগৈক মুকলি আকাশৰ তললৈ আনিব নোৱাৰিম। যিসকল লোকে পাৰে ১০০, ২০০, ৫০০, ১০০০ টকা দান কৰক। ইয়াকো কওঁ যে, আপোনালোকৰ সহায় অবিহনে আমি একো কৰিব নোৱাৰো। ৰাইজে নখ জোকাৰিলে নৈ বয় ।’

‘অখিল গগৈয়ে অসমীয়া জাতিৰ ৰক্ষাৰ বাবে আন্দোলনত নামিছিল । এটাও শিলগুটি নমৰাকৈয়ে অখিল গগৈক কৰাবন্দী কৰিছে ।’

ভাৰতীয় ষ্টেট বেংকৰ পিবিবি গনেশগুৰি শাখাত এটা একাউন্ট অখিল গগৈক সহায় কৰাৰ বাবে খোলা হৈছে। কোনো লোকে অখিল গগৈক সহায় কৰিব বিচাৰিলে এই বেংকত থকাএটা একাউন্ট নম্বৰত টকা দিব পাৰিব ।

একাউণ্ট নম্বৰটো হৈছে -3957004005, IFSC CODE-SBIM004134 ।

ইপিনে ৰাইজে দিয়া ধনৰ খৰচৰ সবিশেষ ৰাজহুৱা কৰা হ’ব বুলিও সদৰি কৰিছে সংগঠনটোৱে ।