অঘটন! চিলাৰ সৈতে উৰি গ’ল ৩ বছৰীয়া শিশু, ভিডিঅ’ ভাইৰেল

অঘটন! চিলাৰ সৈতে উৰি গ’ল ৩ বছৰীয়া শিশু, ভিডিঅ’ ভাইৰেল

September 2, 2020 0 By NEWS DESK

বছৰেকীয়া চিলা উৰুওৱা উৎসৱৰ মাজতে সংঘটিত হ’ল এক অঘটন।

এটি ৩ বছৰীয়া শিশুক এখন দীঘলীয়া চিলাই মেৰিয়াই ধৰি উৰুৱাই লৈ গ’ল আকাশলৈ।

অৱশ্যে ভাৰতত নহয়, এই ঘটনা সংঘটিত হৈছে টাইৱানত।

জানিব পৰা মতে, টাইৱানৰ নানলিৱাও উপকূলত সংঘটিত হয় এই ঘটনা।

বাৰ্ষিক চিলা উৰুওৱা উৎসৱত এখন বিশালকায় চিলা উৰুৱাই দিয়াৰ সময়তে তিনি বছৰীয়া শিশু কন্যা এটিক মেৰিয়াই ধৰে।

চিলাখনৰ দীঘলীয়া নেগুৰে মেৰিয়াই ধৰি শিশু কন্যাটিক আকাশলৈ উৰুৱাই নিয়ে।

চিলাখনে বহু সময়লৈ শিশুটিক মেৰিয়াই ধৰিয়ে আকাশত উৰি থাকে।

সেই সমগ্ৰ অঘটনাৰ এটি ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

তাত উপস্থিত লােকসকলে উক্ত চিলাখন নমাই আনিবলৈ চিঞৰিবলৈ ধৰে।

এটা সময়ত অৱশ্যে উৎসৱৰ কৰ্মীসকলে চিলাখন তললৈ নমাই আনে।

অৱশ্যে গুৰুতৰ আঘাত পোৱাৰ পূৰ্বেই কণমানিটোক উদ্ধাৰ কৰা হয়।

কন্যা শিশুটি সম্প্ৰতি হাস্পতালত চিকিৎসাধীন হৈ আছে।