NEWS8 NE

অঘটন! পুনৰ গঁড়ৰ আক্ৰমণত প্ৰাণ হেৰুৱালে কৰ্তব্যৰত বনৰক্ষীয়ে

নিউজ ডেস্ক। পুনৰ গঁড়ৰ আক্ৰমণত কৰুণভাৱে মৃত্যুক আঁকােৱালি ল’লে বন বিভাগৰ কৰ্মচাৰীয়ে। এইবাৰ ঘটনাৰ স্থান মানাহ ৰাষ্ট্ৰীয় উদ্যান।

শুকুৰবাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাঁপাৰা ৰেঞ্জত কৰ্তব্যৰত অৱস্থাত গঁড়ৰ আক্ৰমণত কৰুণ মৃত্যুক সাৱটি লয়।অনিমেষ ডেকা (৩৫) নামৰ অসম ফৰেষ্ট বেটেলিয়নৰ জােৱানজনে।

দ্বিতীয় অসম বন সুৰক্ষা বাহিনীত কৰ্মৰত শ্বহীদ জোৱানজন।

জানিব পৰা মতে, শ্বহীদ জােৱানজনৰ ঘৰ বজালী জিলাৰ ভৱানীপুৰৰ ডেকাপাৰাত।

শুকুৰবাৰে পুৱা ১০.৩০ মান বজাত সময়তে সংঘটিত হয় এই মৰ্মান্তিক ঘটনা ৷

সহযােগী বনকৰ্মীজনে প্ৰকাশ কৰা মতে, অহা এটা গঁড়ৰ সৈতে হঠাতে তেওঁলােক মুখামুখি হয় আৰু গঁড়টোক আঁতৰাই পঠাবলৈ শূণ্যলৈ গুলি ফুটায়।

কিন্তু দুৰ্ভাগ্যবশতঃ গঁড়টোৱে অনিমেষ ডেকাক আক্ৰমণ কৰে আৰু থিতাতে তেওঁৰ মৃত্যু ঘটে ৷ সতীৰ্থ বনকৰ্মীজনৰ কোনোমতে ৰক্ষা পৰে।

ৰাষ্ট্ৰীয় উদ্যানখনৰ এজন শীৰ্ষ বিষয়াই জনােৱা মতে, অনিমেষ ডেকাই বিগত ১০ বছৰ ধৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানত ফৰেষ্ট বেটেলিয়নৰ জোৱানজনে কাম কৰি আহিছিল।

উল্লেখ্য যে মাত্ৰ ৩ মাহ পূৰ্বেই বিবাহপাশত আবদ্ধ হৈছিল জােৱানজন।

মৃত্যুৰ সময়ত তেওঁ নৱ বিবাহিতা পত্নীৰ লগতে পিতৃ মাতৃ, দুজন ককায়েক, নবৌয়েক আৰু আত্মীয়স্বজনক এই সংসাৰত এৰি থৈ যায়।

জােৱানজনৰ এনে আকস্মিক মৃত্যুৰ ঘটনাই বৃহত্তৰ বৰপেটা-বজালী অঞ্চলত গভীৰ শােকৰ ছাঁ পেলাইছে। শুকুৰবাৰে নিশা অনিমেষ ডেকাৰ ভালেসংখ্যক লোকৰ উপস্থিতিত অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

লগতে চাওকঃ

ভীষণ বনজুই নিৰ্বাপনৰ অভিযানত অঘটন, কৰুণ মৃত্যু বন সুৰক্ষা কৰ্মীৰ

Exit mobile version