NEWS8 NE

অটােৰিক্সাত ভ্ৰাম্যমাণ ঘৰ নিৰ্মাণ কৰি চৰ্চিত এজন লােক, যৌথভাৱে কাম কৰাৰ প্ৰস্তাৱ দিলে আনন্দ মহিন্দ্ৰাই

নিউজ ডেস্ক। কিছুদিন পূৰ্বে গৃহ নিৰ্মাতা অৰুণ প্ৰভুৰ এক অপূৰ্ব সৃষ্টি ভাইৰেল হৈ পৰিছিল সৰ্বত্ৰে আৰু বৰ্তমান তেওঁৰ আকৰ্ষণীয় সৃষ্টিত মোহিত হৈ তেওঁৰ সৈতে একেলগে কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে দেশৰ প্ৰখ্যাত ব্যৱসায়ী আনন্দ মহিন্দ্ৰাই।

অৰুণ প্ৰভুৱে সৃষ্টি কৰিছিল এখন অটোৰিক্সাৰ ওপৰত এটা ক্ষুদ্ৰ ঘৰ য’ত আছিল এখন বিচনা সহ শোৱনি কোঠা, পাকঘৰ আৰু স্নানাগাৰ।

সামাজিক মাধ্যমত এই চলন্ত ঘৰটো হৈ পৰিছিল ভাইৰেল আৰু সামাজিক মাধ্যমত এই ঘৰটো দেখি আপ্লুত হৈ পৰিল ব্যৱসায়ী আনন্দ মহিন্দ্ৰা।

সেয়েহে টুইটাৰত তেওঁ মন্তব্য কৰি প্রভুৰ সৈতে একেলগে কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰাৰ লগতে এটা নতুন প্ৰকল্পৰ বাবে তেওঁৰ যোগাযোগৰ ঠিকনাটো বিচাৰিলে।

প্রভুৰ চলন্ত ঘৰটো টুইটাৰত শ্বেয়াৰ কৰি আনন্দ মহিন্দ্ৰাই লিখে যে, ‘অৰুণে কম ঠাইক বেছি উপযোগী কৰি তুলি উদাহৰণ দেখুৱালে। কিন্তু ই বহল পৰিসৰত অধিক সম্ভাৱনাময় হৈ পৰিছে। সেয়েহে মই কব বিচাৰো যে এখন বলেৰ’ পিক আপত যদি ইয়াক নিৰ্মাণ কৰা হয়, ই বেছি ঠাই পাব।’

লগতে চাওকঃ

হাতেৰে ঘূৰালেই বাজি উঠে এক ব্যতিক্ৰমী বাঁহী! জাপানলৈ ৰপ্তানি কৰি চৰ্চিত এজন শিল্পী

Exit mobile version