Site icon NEWS8 NE

অট্টালিকাৰ ২৫ মহলাত খেলি আছিল দুই যমজ ভাতৃ, ঘটিল ভয়ানক ঘটনা

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। ২৫ মহলাৰ ওপৰৰ পৰা তললৈ পৰি মৃত্যু যমজ ভাতৃদ্বয়ৰ।

এই ঘটনা শনিবাৰে নিশা সংঘটিত হয় উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাৰ সিদ্ধাৰ্থ বিহাৰৰ চিম্বল গ্ৰেণ্ড চ’চাইটিত।

১৪ বছৰীয়া যমজ ভাতৃৰ সন্দেহজনক মৃত্যুৰ প্ৰকৃত কাৰণ বৰ্তমানেও পোহৰলৈ অহা নাই।

তথ্য অনুসৰি, গাজিয়াবাদৰ সিদ্ধাৰ্থ বিহাৰৰ প্ৰতীক গ্ৰেণ্ড চছাইটিত বাস কৰা পালানি মুদালিয়া হৈছে প্ৰতিমা কোম্পানীৰ প্ৰশাসক মুৰব্বী। তেওঁৰ পৰিয়ালটো প্ৰতীক গ্ৰেণ্ড চছাইটিৰ ২৫ নম্বৰ মহলাত বাস কৰে।

তেওঁৰ দুই যমজ পুত্ৰ সত্য নাৰায়ণ আৰু সূৰ্য নাৰায়ণ, কন্যা গায়ত্ৰী আৰু পত্নী ৰাধা মুদালিয়াক ঘৰত থৈ কৰ্তব্যলৈ গৈছিল।

পালানি মুদালিয়া কোম্পানীৰ কামৰ বাবে ১২ দিন মুম্বাইত আছিল।

ঘটনাৰ দিনা অৰ্থাৎ শনিবাৰে নিশা পত্নী আৰু সন্তান ঘৰত আছিল। এটা কোঠাত মাতৃ আৰু কন্যাই টিভি চাই আছিল আৰু আনটোত যমজ ভাতৃদ্বয়ে মোবাইলত গেম খেলি আছিল।

মাতৃ ৰাধা মুদালিয়া নিশা প্ৰায় ১ বজাত দুয়োকে চাবলৈ তেওঁলোকৰ কোঠালৈ গৈছিল। কিন্তু তেওঁ কোঠাত তেওঁলোকক দেখা নাছিল।

তেওঁ বাহিৰলৈ গৈ ২৫ মহলাৰ ওপৰৰ বেলকণিৰ পৰা চাই দেখে যে দুয়ো তলত পৰি আছিল। তললৈ গৈ তেওঁ দুয়োজনকে চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে।

পৰিয়ালৰ সদস্যসকলৰ মতে, প্ৰথমে বেলকণিত এখন চকী দেখা গৈছিল আৰু তাৰ ওপৰত এখন কাঠৰ তক্তা পোৱা গৈছিল।

উল্লেখ্য যে ঘটনাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আৰক্ষীয়ে বৰ্তমান ঘটনাৰ অনুসন্ধান কৰি আছে।

আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ দুটা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আৰক্ষীয়ে চিচি টিভিৰ ফুটেজ পৰীক্ষা কৰে। আৰক্ষীয়ে দুয়োজন যমজ ভাতৃয়ে ২৫ নম্বৰ মহলাৰ পৰা জঁপিয়াইছিল নে দুৰ্ঘটনাত পতিত হৈছিল সেই সন্দৰ্ভত ঘটনাৰ তদন্ত কৰি আছে।

চহৰ আৰক্ষী অধীক্ষক নিপুন আগৰৱালে কয় যে সকলো দিশৰ তদন্ত চলি আছে। অভিভাৱকসকলক সন্তানৰ আচৰণৰ বিষয়ে সোধা হৈছে।

Exit mobile version