অতিৰিক্ত উপায়ুক্তক উৎকোচ দিবলৈ আহি বৰপেটাত হাতে-লোটে গ্ৰেপ্তাৰ কনিষ্ঠ অভিযন্তা!

অতিৰিক্ত উপায়ুক্তক উৎকোচ দিবলৈ আহি বৰপেটাত হাতে-লোটে গ্ৰেপ্তাৰ কনিষ্ঠ অভিযন্তা!

October 23, 2020 0 By NEWS DESK

অতিৰিক্ত উপায়ুক্তক উৎকোচ দিবলৈ আহি বৰপেটাত হাতে-লোটে গ্ৰেপ্তাৰ হ’ল কনিষ্ঠ অভিযন্তা নাছিৰুদ্দিন আহমেদ।

বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকক জিলা উপায়ুক্তৰ কাৰ্যালয়ত উৎকোচ দিব গৈছিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কণিষ্ঠ অভিযন্তা নাছিৰউদ্দিন আহমেদে।

এই ঘটনা সন্দৰ্ভত লগে লগে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে বৰপেটা থানাক অবগত কৰে৷

বৰপেটা আৰক্ষীয়ে টকাসহ কণিষ্ঠ অভিযন্তা নাছিৰউদ্দিন আহমেদক আটক কৰি বৰপেটা থানালৈ লৈ আহে।

অতিৰিক্ত উপায়ুক্তক উৎকোচ দিবলৈ আহি বৰপেটাত হাতে-লোটে গ্ৰেপ্তাৰ কনিষ্ঠ অভিযন্তা... - Asomiya Pratidin - অসম

জানিব পৰা মতে কণিষ্ঠ অভিযন্তা গৰাকীয়ে ৯০ হাজাৰ টকা উৎকোচ দিব গৈছিল অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকক।

উল্লেখ্য যে, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বৰপেটা সংমণ্ডলত সংঘটিত বিয়াগোম অনাময় শৌচালয় কেলেংকাৰীৰ তদন্ত কৰি আছে অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকে।

কেলেংকাৰীত দোষী সাব্যস্ত হোৱাৰ ভয়ত তদন্তকাৰী বিষয়াক মেনেজ কৰাৰ চেষ্টা চলাইছিল কনিষ্ঠ অভিযন্তা গৰাকীয়ে।

উল্লেখ্য যে, নাছিৰুদ্দিন আহমেদৰ লগতে শৌচাগাৰ নিৰ্মাণৰ সৈতে জৰিত কেবাটাও এনজিওৰ বিৰুদ্ধে বাঘবৰ থানাত স্থানীয় একাংশ লোকে এজাহাৰ দাখিল কৰি এই কেলেংকাৰীৰ সৈতে জড়িত বিষয়া কৰ্মচাৰী সকলক উচিত শাস্তিৰ দাবী জনাই আহিছিল৷