NEWS8 NE

অতি কৰুণ ঘটনা! নিজ ১২ বছৰীয়া পুত্ৰৰ মৃত্যুৰ সংবাদ পোৱাৰ পাছতে প্ৰাণ ত্যাগ মাতৃৰো

নিউজ ডেস্ক। চৰম দুৰ্যােগ নামি আহিল এটা পৰিয়াললৈ।

১২ বছৰীয়া পুত্ৰ সন্তানক হেৰুওৱা পৰিয়ালটােৱে একেদিনাই হেৰুৱালে সন্তানটিৰ মাতৃকাে।

নিজৰ ১২ বছৰীয়া ৰােগাক্ৰান্ত পুত্ৰৰ চিকিৎসালয়ত মৃত্যু হােৱাৰ দুঃসংবাদ লাভ কৰাৰ পিছতে প্ৰাণ ত্যাগ কৰিলে দুৰ্ভাগীয়া মাতৃয়ে।

এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে ওদালগুৰি জিলাৰ ৰৌতাৰ কঠালবাৰী গাঁৱত।

মাতৃ-পুত্ৰৰ একেদিনাই মৃত্যুৰ খবৰে শােকান্বিত কৰি তুলিছে সমগ্ৰ অঞ্চলবাসীক।

জানিব পৰা মতে, ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ অন্তর্গত কঠালবাৰী গাঁৱৰ ৰূপম ডেকা আৰু অঞ্জলি ডেকাৰ পুত্র মহেশ্বৰ ডেকা (১২)।

মহেশ্বৰ ডেকা স্থানীয় জনতা মধ্য ইংৰাজী বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীত অধ্যনৰত আছিল।

কেবাদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ মহেশ্বৰ ডেকা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল।

কিন্তু চিকিৎসাধীন অৱস্থাতে শনিবাৰে পুৱা কিশোৰজনে অকাল মৃত্যুক সাৱটি লয়।

ইফালে পুত্র মহেশ্বৰ ডেকাৰ দৰে মাতৃ অঞ্জলি ডেকাও একে ৰোগত আক্ৰান্ত হৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত পুত্ৰৰ মৃত্যুৰ খবৰ পাই আবেলি শেষ নিশ্বাস ত্যাগ কৰে।

এনেদৰে একেদিনাই মাতৃ-পুত্ৰৰ মৃত্যুৰ খবৰে সমগ্ৰ কঠালবাৰী অঞ্চলত শোকৰ ছাঁ পেলাইছে।

লগতে চাওকঃ বিদ্যালয়ৰ সন্মুখত ৰৈ ছাত্ৰীক অশালীন ইংগিত! আটক ৭ লম্পট…

ঋণ ৰেহাইৰ নামত ১ টকাৰ চেক পালে মহিলাই, চেক সংগ্ৰহ কৰিবলৈ খৰচ ১ হাজাৰ টকা

Exit mobile version