অতি নিষ্ঠুৰ ! এখন বাইক কিনিবলৈ নিজৰ কণমানি সন্তানক বিক্ৰী কৰিলে এগৰাকী পিতৃয়ে…

অতি নিষ্ঠুৰ ! এখন বাইক কিনিবলৈ নিজৰ কণমানি সন্তানক বিক্ৰী কৰিলে এগৰাকী পিতৃয়ে…

August 31, 2020 0 By NEWS DESK

কিমান নিষ্ঠুৰ হ’ব পাৰে এগৰাকী পিতৃ। এই কথা আপুনি হয়তো আপুনি কল্পনাও কৰিব নোৱাৰিব।

এখন বাইক ক্ৰয় কৰিবলৈ নিজৰ কণমানি সন্তানক বিক্ৰী কৰিলে এগৰাকী কঠোৰ হৃদয়ৰ পিতৃয়ে।

ঘটনাৰ বিৱৰণী অনুসৰি কৰ্ণাটকৰ চিক্কাবালপুৰৰ এখন গাঁৱত এই ঘটনা সংঘটিত হৈছে।

বাংগালুৰুৰ পৰা মাত্ৰ ৭০ কিলোমিটাৰ নিলগৰ চিক্কাবালপুৰৰ চিন্তামণি মৌজাৰ অন্তৰ্গত টিনাকাল গাঁৱৰ এগৰাকী লোকৰ পত্নীয়ে তিনি মাহৰ পূৰ্বে এটি কন্যা সন্তান জন্ম দিছিল।

পেছাত কৃষক লোকজনে উক্ত নৱজাতক কন্যাটি ১ লাখ টকাৰ বিনিময়ত অন্য এক দম্পতিৰ হাত বিক্ৰী কৰিছিল।

5 things to know before opting for a water birth | The Times of India

স্থানীয় লোকে এই ঘটনা জানিব পাৰি স্থানীয় প্ৰশাসনক খবৰ দিয়ে।

ইয়াৰ পিছতে নাৰী ও শিশু কল্যাণ বিভাগৰ বিষয়াই অভিযুক্তৰ পত্নীৰ ওচৰত উপস্থিত হৈ সমস্ত ঘটনা শুনাৰ পিছত কন্যা শিশুটিক উদ্ধাৰ কৰি মাতৃৰ হাতত গতাই দিয়ে।

কণমানিটোৰ মাতৃয়ে জনোৱা অনুসৰি বাইক আৰু মোবাইল ফোন ক্ৰয় কৰিবলৈ তেওঁৰ স্বামীয়ে কন্যা সন্তানটিক ১ লাখ টকাৰ বিনিময়ত বিক্ৰী কৰিছিল।