অতি শীঘ্ৰেই বলৱৎ কৰা হ’ব নাগৰিকত্ব সংশোধনী আইনঃ জে পি নড্ডা!

অতি শীঘ্ৰেই বলৱৎ কৰা হ’ব নাগৰিকত্ব সংশোধনী আইনঃ জে পি নড্ডা!

October 20, 2020 0 By NEWS DESK

অতি শীঘ্ৰেই দেশত বলৱৎ কৰা হ’ব নাগৰিকত্ব সংশোধনী আইন।

 বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই পুনৰবাৰ এই কথা প্ৰকাশ কৰে।

সোমবাৰে পশ্চিমবংগৰ শিলচৰত এক দলীয় সভাত অংশ লৈ এই মন্তব্য কৰিলে জে পি নড্ডাই।

Image

কৰ’ণা ভাইৰাছৰ বাবে সৃষ্টি হোৱা পৰিৱেশৰ বাবে এই আইন বলৱৎ কৰাত বিলম্ব হ’ল বুলি উল্লেখ কৰি অচিৰেই ‘কা’ কাৰ্যকৰী হ’ব বুলি দোহাৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে।

উল্লেখ্য যে, জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰুদ্ধে অসম তথা দেশৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছিল।

কিন্তু ৰাইজৰ প্ৰতিবাদকো আওকাণ কৰি গৃহীত কৰা হৈছিল এই বিধেয়ক।