অনলাইন মাধ্যমৰে হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা !

অনলাইন মাধ্যমৰে হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা !

September 9, 2020 0 By NEWS DESK

অনলাইন পদ্ধতিৰে অনুষ্ঠিত হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা।

এক জাননীযোগে এই কথা সদৰি কৰিছে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কে।

আনহাতে স্নাতক মহলাৰ পৰীক্ষা সমূহ অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমৰে অনুষ্ঠিত হব।

ক’ভিড মহামাৰীৰ ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত।

জাননীত উল্লেখ কৰা অনুসৰি এই নিৰ্দেশনাৰ sop পৰীক্ষা নিয়ন্ত্ৰকে অচিৰেই প্ৰকাশ কৰিব বুলি উল্লেখ কৰিছে।

উল্লেখ্য যে, মঙলবাৰে, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথৰ নেতৃত্বত এটা দলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক সাক্ষাৎ কৰি স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাৰ বিষয়ে আলোচনা কৰি আছুৰ তৰফৰ পৰা অনলাইন আৰু অফলাইন উভয় পদ্ধতিৰে Open Book Examination অনুষ্ঠিত কৰাৰ আহ্বান জনাইছিল।