অন্তৰৰ মাজত মা সদায় থাকিব, মাৰ সৃষ্টিক যুগমীয়া কৰি ৰাখিব লাগিবঃ পাপন

অন্তৰৰ মাজত মা সদায় থাকিব, মাৰ সৃষ্টিক যুগমীয়া কৰি ৰাখিব লাগিবঃ পাপন

September 6, 2020 0 By NEWS DESK

সুকণ্ঠী গায়িকা অৰ্চনা মহন্ত আমাৰ মাজৰ পৰা আতৰি যোৱা ১০ দিন পাৰ হ’ল।

যোৱা ২৭ আগষ্টত শেষ নিশ্বাস ত্যাগ কৰিছিল অসমৰ বিশিষ্ট কণ্ঠশিল্পীগৰাকীয়ে।

প্ৰয়াত শিল্পীগৰাকীৰ দহা কাৰ্য সম্পন্ন কৰাৰ উপলক্ষে শনিবাৰে পুৱাই উজান বজাৰৰ ঘাটত উপস্থিত হয় পুত্ৰ অংগৰাগ পাপন মহন্ত।

বৈদিক ৰীতি-নীতি অনুসৰি পুত্ৰই পিণ্ড দান কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ বুকুত মাতৃৰ অস্থি বিসৰ্জন দিয়ে।

তাৰ পাছতেই পাপনে কয়- ‘অন্তৰৰ মাজত মা সদায় থাকিব। মাৰ সৃষ্টিক যুগমীয়া কৰি ৰাখিব লাগিব।’

লগতে কৰ’ণাৰ নীতি নিৰ্দেশনা মানি মাতৃৰ শ্ৰাদ্ধ অনুষ্টুপীয়াকৈ আয়োজন কৰিব বুলি জনাই পাপনে।