NEWS8 NE

অপাৰ মহিমা পংকজৰ! কেতিয়াবা যদি IPS, কেতিয়াবা আকৌ ASI, আন কেতিয়াবা আকৌ NSG কমাণ্ডো হৈ ধন দাবী কৰে মানুহক, অৱশেষত গ্ৰেপ্তাৰ…

নিউজ ডেস্কঃ অপাৰ মহিমা পংকজৰ! কেতিয়াবা যদি তেওঁ হয় কোব্ৰা কমাণ্ডো, কেতিয়াবা হয় আকৌ এএছআই। আন কেতিয়াবা আকৌ আইপিএছ বিষয়া হৈ পৰে তেওঁ!

অৱশ্যেই তেওঁ অভিনেতা নহয়। কিন্তু অভিনয়ো তেওঁ বেয়া নকৰে। সেয়ে ইমান দিনে বিভিন্ন ৰূপ ধাৰণ কৰি অসমৰ ইমূৰৰ পৰা সিমূৰ ঘূৰাৰ পিছতো কাৰো সন্দেহ ওপজা নাছিল তেওঁৰ ওপৰত।

কিন্তু এশ গৰু মাৰিলে যিদৰে বাঘৰো মৰণ ঘটে, সেইদৰে মানুহক ঠগ-প্ৰৱঞ্চনা কৰি কৰি অৱশেষত নিজলৈ বিপদ মাতিলে তেওঁ। ভিন্ন ভেশত ঘূৰি ফুৰা যুৱকজন অৱশেষত গ্ৰেপ্তাৰ হ’ল আৰক্ষীৰ হাতত।

ধেমাজি জিলাৰ পাঁচআলিত ঘৰ যুৱকজনৰ। নাম- পংকজ হাজৰিকা। পেছা- সামাজিক মাধ্যমত ৰীল ভিডিঅ’ বনোৱা। কেতিয়াবা আৰক্ষীৰ পোছাক পৰিধান কৰি তেওঁ ৰীল বনায়। কেতিয়াবা আকৌ কমাণ্ডো বেটেলিয়ানৰ পোছাক পিন্ধি ফটোৰ বাবে প’জ দিয়ে তেওঁ।

কিন্তু ৰীল ভিডিঅ’ৰ বাহিৰেও তেওঁৰ অনেক কামো আছে। সেয়া হৈছে আৰক্ষীৰ পোছাক পিন্ধি নিজকে আৰক্ষী বিষয়া বুলি পৰিচয় দি ৰাজপথত ধন দাবী কৰা অথবা কমাণ্ডো বা আইপিএছ বিষয়া বুলি চিনাকি দি যুৱতীক প্ৰলোভিত কৰা।

শনিবাৰে অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ ভেশ লৈ হঠাৎ তেজপুৰত উপস্থিত হ’ল পংকজ হাজৰিকা। গুৱাহাটীৰ পৰা আহি তেজপুৰৰ পৰুৱা চাৰিআলিত হেলমেট নিপিন্ধা বাইক আৰোহীৰ তালাচী চলাবলৈ সহায় বিচাৰিলে কৰ্তব্যৰত এগৰাকী ট্ৰেফিক আৰক্ষীৰ।

সেই সময়তে জোতা নিপিন্ধাৰ বাবে এজন স্কুটী আৰোহীৰ পৰা ২০০০ টকা দাবী কৰিছিল পংকজ হাজৰিকাই। পিছত দৰ-দাম কৰি কৰি অৱশেষত ৫০০ টকা তেওঁ ল’লেও স্কুটী আৰোহীজনৰ পৰা। কিন্তু তাৰ পিছতে এছআই পংকজ হাজৰিকা সন্দেহৰ আৱৰ্তত সোমাই পৰে লগতে থকা ট্ৰেফিক আৰক্ষী জনৰ।

ঘটনাটো ফোনে ফোনে বাগৰি তেজপুৰ আৰক্ষীৰ কাণত পৰাত লগে লগে ঘটনাস্থলীত উপস্থিত হয় খাকী পোছাকধাৰী। কিন্তু এইবাৰ ভুৱা নহয়, বৰং প্ৰকৃত অসম আৰক্ষী। আৰক্ষীয়ে এছআই পংকজ হাজৰিকাক আটক কৰি সোধাপোছা আৰম্ভ কৰে। তাৰ পিছতে ওলাই পৰে ঘটনাৰ প্ৰকৃত ৰহস্য।

নিজৰ কথাতেই প্ৰমাণ হ’ল যে পংকজ হাজৰিকা প্ৰকৃততে এজন ডুপ্লিকেট আৰক্ষী বিষয়াহে। খাকী পোছাক পিন্ধি, বা কেতিয়াবা কোব্ৰা বেটেলিয়ানৰ ভেশ ধৰি মানুহৰ পৰা ধন দাবী কৰাটোৱেই তেওঁৰ কাম।

পৰৱৰ্তী সময়ত আৰক্ষীৰ হাতত পৰা তথ্য অনুসৰি, মাজুলীতো এইজন ভুৱা আৰক্ষী বিষয়াৰ বিৰুদ্ধে ৰুজু হৈ আছে গোচৰ। প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত এপিজে আব্দুল কালামৰ সৈতে এখন এডিট কৰা ফটো দেখুৱাই নিজকে আইপিএছ বিষয়া বুলি পতিয়ন নিয়াই তেওঁ কৰি আহিছিল ধনদাবীৰ দৰে কাৰ্য।

সমান্তৰালভাৱে ৰঙিয়া জংচনতো আৰক্ষীৰ ভেশত ধন দাবী কৰাৰ অভিযোগ আছে পংকজ হাজৰিকা নামৰ যুৱকজনৰ বিৰুদ্ধে। বি.কম উত্তীৰ্ণ এইজন যুৱকে অৱশ্যে চখতে আৰক্ষীৰ পোছাক পিন্ধা বুলি সাংবাদিকৰ সন্মুখত মন্তব্য কৰে।

বহুৰূপী এইজন যুৱকক বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। অন্যহাতে আৰক্ষী, কমাণ্ডো, আইপিএছ বিষয়া হৈ ধন দাবী কৰি অহা পংকজ হাজৰিকাৰ কাণ্ডই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰো।

Exit mobile version