‘অপৰাধী’ প্ৰেমিকক বিচাৰি গৈ বাংলাদেশত উপস্থিত হ’ল ছয়গাঁৱৰ যুৱতী, গ্ৰেপ্তাৰ

‘অপৰাধী’ প্ৰেমিকক বিচাৰি গৈ বাংলাদেশত উপস্থিত হ’ল ছয়গাঁৱৰ যুৱতী, গ্ৰেপ্তাৰ

September 19, 2020 0 By NEWS DESK

ম’বাইল ফােনতে বাহৰেইনত থকা প্ৰেমিকেৰে বিয়া সম্পন্ন

হনী ঝাঁঝৰী। অসমীয়া এশাৰী কথা আছেঃ প্ৰেমত ঘূৰে ভূমণ্ডল, প্ৰেমত ফুলে শতদল!

হয়, এই প্ৰেমৰ বাবেই যেন সকলাে পাহৰি প্ৰেমিক বিচাৰি সুদূৰ বাংলাদেশত উপস্থিত হ’ল অসমৰ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ এগৰাকী যুৱতী।

ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰেও ৰখাব নােৱাৰিব এই দুৰ্দান্ত প্ৰেমিকাগৰাকীক।

পিচে কপাল বেয়া আছিল এই যুৱতীগৰাকীৰ। সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ অতিক্ৰম কৰিলে ঠিকেই, কিন্তু দুৰ্ভাগ্যবশতঃ বাংলাদেশ বৰ্ডাৰ গাৰ্ড চমুকৈ বিজিপৰ হাতত আটক হ’ল এই তৰুণী।

প্ৰেমিক আব্দুছ ছাত্তাৰ-প্ৰেমিকা মঞ্জুৰা

জানিব পৰা মতে, ছয়গাঁৱৰ টপাৰপথাৰ নিবাসী মুগুৰ আলীৰ কন্যা মঞ্জুৰা বেগমে বাংলাদেশী প্ৰেমিকক বিচাৰি গৈ উপস্থিত হ’ল দেশখনত।

প্ৰেমিক আব্দুছ ছাত্তাৰ (২৭)ৰ বাংলাদেশৰ ঘৰত উপস্থিত হ’লগৈ মঞ্জুৰা। কিন্তু ঘৰত নাছিল প্ৰেমিক।

প্ৰেমিক বৰ্তমানে থাকে বাহৰেনত। অৱশ্যে আব্দুছ ছাত্তাৰৰ ঘৰৰ পৰা ম’বাইল ফােনতে বিয়াও সম্পন্ন হয় মঞ্জুৰাৰ।

বিজিবিয়ে এই ঘটনাৰ খবৰ লাভ কৰি যুৱতীগৰাকীক আটক কৰি আৰক্ষীক চমজাই দিয়ে।

আৰক্ষীত জিম্মাত মঞ্জুৰা

ইপিনে, বাংলাদেশৰ আৰক্ষীয়ে প্ৰকাশ কৰা মতে, দেশখনৰ উত্তৰ কালাউৰা গাঁৱৰ বাসিন্দা আব্দুল কাছেমৰ পুত্ৰ আব্দুছ ছাত্তাৰ অপৰাধমূলক গােচৰত গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ ৫ বছৰ পূৰ্বে অসমত আত্মগােপন কৰিছিল।

হয়তো যুৱকজন সেই সময়ছােৱাতে যুৱতীগৰাকীৰ সৈতে সাক্ষাৎ ঘটিছিল আৰু দুয়ােৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল।

ইপিনে, যুৱতীগৰাকীৰ পৰিয়ালে অন্য যুৱকৰ সৈতে বিয়া দিয়াৰ বাবে চিন্তা-চৰ্চা কৰিছিল।

ইয়াৰ পাছত আব্দুছ ছাত্তাৰৰ পৰামৰ্শ মতে মঞ্জুৰাই মেঘালয়ৰ বাংলাদেশ সীমান্তত উপস্থিত হয়।

আব্দুছ ছাত্তাৰৰ ভাতৃ ইমৰানে যুৱতীগৰাকীক সীমান্ত অতিক্ৰম কৰাই ঘৰলৈ লৈ যায়।

তাৰ পাছত পৰিয়ালৰ মধ্যস্থতাত ম’বাইল ফােনৰ মাধ্যমেৰে দুয়ােৰে বিয়া সম্পন্ন হয়।

কিন্তু পাৰপত্ৰ অবিহনে অবৈধভাৱে অনুপ্ৰৱেশ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হােৱা মঞ্জুৰাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা হাতত লৈছে প্ৰশাসনে।