NEWS8 NE

অবিশ্বাস্য! ৰে’ল যাত্ৰাৰ সময়ত মৃত স্বামীক পুনৰ জীয়াই তুলিলে পত্নীয়ে, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ কিছু সময়ৰ বাবে নিথৰ হৈ পৰিছিল ব্যক্তিজন। ক্ৰমাৎ চেঁচা পৰিছিল হাত-ভৰি। উশাহো বন্ধ হৈ পৰিছিল। কিন্তু সেই সময়তে ব্যক্তিজনক মৃত্যুৰ মুখৰ পৰা উভতাই আনিবলৈ সক্ষম হ’ল পত্নীয়ে।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এজন ব্যক্তিৰ জীৱন-মৃত্যুৰ যুঁজৰ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মথুৰা ৰে’ল ষ্টেছনত।

দৰাচলতে কেৰালাৰ কছাৰাগোদৰৰ নিৱাসী ৬৭ বৰ্ষীয় কেশৱন নামৰ ব্যক্তিজনে পত্নীৰ সৈতে ৰে’ল যাত্ৰা কৰাৰ সময়তে ৰে’লৰ ভিতৰত হৃদৰোগত আক্ৰান্ত হয়।

তাৰ পিছতে মথুৰা ষ্টেছনত ব্যক্তিজনক ৰে’লৰ পৰা নমাই প্লেটফৰ্মতে শুৱাই দিয়া হয়। কিন্তু তেতিয়ালৈকে শ্বাস প্ৰশ্বাস বন্ধ হৈ পৰিছিল কেশৱনৰ।

সেই সময়ত প্লেটফৰ্মত উপস্থিত থকা এগৰাকী আৰপিএফ কনিষ্টবল আগবাঢ়ি আহি ব্যক্তিজনক মুখেৰে চিপিআৰ প্ৰদান কৰিবলৈ পৰামৰ্শ দিয়ে। আৰু সেই পৰামৰ্শ অনুসৰি মহিলাগৰাকীয়ে স্বামীক চিপিআৰ প্ৰদান কৰাত অৱশেষত উশাহ ঘূৰি আহে কেশৱনৰ।

তাৰ পিছতে আৰপিএফে এম্বুলেন্সযোগে তেওঁক প্ৰথমে ৰে’লৱে হাস্পতাললৈ প্ৰেৰণ কৰে আৰু পৰৱৰ্তী সময়ত মথুৰাৰ এখন ব্যক্তিগত নাৰ্ছি হোমত কেশৱনক ভৰ্তি কৰোৱা হয়।

ৰে’লৱে প্লেটফৰ্মত ৬৭ বৰ্ষীয় ব্যক্তিজনক পত্নীয়ে মৃত্যু মুখৰ পৰা ঘূৰাই অনাৰ এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

জানিব পৰা মতে, কেশৱন নামৰ ব্যক্তিজনে পত্নী দিয়াৰ সৈতে এটা ৮০ জনীয়া দলৰ লগত চাৰ ধাম যাত্ৰাৰ বাবে উত্তৰাখণ্ডলৈ গৈছিল।

তাৰ পৰা উভতি কইম্বটুৰ এক্সপ্ৰেছ ৰে’ল যোগে দিল্লীৰ পৰা কোঝিকোডলৈ গৈ থকা সময়তে ৰে’লৰ ভিতৰত হৃদৰোগত আক্ৰান্ত হয় কেশৱন।

ইফালে পিতৃৰ অসুস্থতাৰ খবৰ লাভ কৰাৰ পিছতে ছাহাৰনপুৰত চিকিৎসক হিচাপে কৰ্মৰত তেওঁলোকৰ পুত্ৰ নীৰজ ততাতৈয়াকৈ মথুৰাত উপস্থিত হয়।

বৰ্তমান হাস্পতালত চিকিৎসকৰ তত্বাৱধানত চিকিৎসা চলাই থকা হৈছে কেশৱনৰ। বৰ্তমান তেওঁক বিপদমুক্ত বুলি জানিবলৈ দিছে চিকিৎসকে।

Exit mobile version