NEWS8 NE

অবৈধভাৱে অসমত প্ৰৱেশ কৰা দুই বালাংদেশী নাগৰিকক ৫ বছৰৰ সশ্ৰম কাৰাদণ্ড আদালতৰ…

নিউজ ডেস্কঃ অবৈধভাৱে অসমত প্ৰৱেশ কৰা দুই বাংলাদেশী নাগৰিকক ৫ বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাৰ জৰিমণা বিহিলে দক্ষিণ শালমৰা-মানকাচৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে।

বৃহস্পতিবাৰে এই গোচৰৰ ৰায় প্ৰদান কৰি আদালতে দুয়োজন বাংলাদেশী নাগৰিকক ৫ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাকৈ জৰিমণা বিহে। এই জৰিমণা আদায় নিদিলে ৬ মাহ অতিৰিক্ত কাৰবাস খাটিব লাগিব বুলিও ৰায়ত উল্লেখ্য কৰে আদালতে।

উল্লেখ্য যে, মানকাচৰ আৰক্ষীয়ে যোৱা বৰ্ষৰ ২৫ মে’ত মানকাচৰৰ শ্মশান মন্দিৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল নিৰঞ্জন ঘোষ নামৰ এজন বাংলাদেশী নাগৰিকক। ধৃত লোকজনৰ ঘৰ বাংলাদেশৰ জামালুপৰ জিলাৰ মাদাগড় থানাৰ অন্তৰ্হত গাগ্ৰোম গাঁৱত বুলি জানিব পৰা গৈছে।

ইফালে ২০২১ চনৰ ৬ মাৰ্চত ভাৰত- বাংলাদেশ সীমান্তৰ বেহুলাৰচৰৰ পৰা মানকাচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আনজন বাংলাদেশী নাগৰিকক। ধৃত আব্দুল হাই নামৰ লোকজনৰ ঘৰ বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী থানাৰ অন্তৰ্গত বেহুলাৰচৰ গাঁৱত বুলি জানিব পৰা গৈছে।

মানকাচৰ আৰক্ষীয়ে দুয়োজন বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আদালতত অভিযোগনামা দাখিল কৰাত বৃহস্পতিবাৰে মুখ্য ন্যায়িক দণ্ডাধীশ ছৈয়দ ইমদাদুল ৰহমানৰ আদালতে দুয়োজন অবৈধ অনুপ্ৰৱেশকাৰীক ৫ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাকৈ জৰিমণা বিহে।

Exit mobile version