অবৈধ বিদ্যুৎ বেৰৰ সংস্পৰ্শলৈ আহি বন্যহস্তীৰ কৰুণ মৃত্যু, আটক ২

অবৈধ বিদ্যুৎ বেৰৰ সংস্পৰ্শলৈ আহি বন্যহস্তীৰ কৰুণ মৃত্যু, আটক ২

October 11, 2020 0 By NEWS DESK

পুনৰ জীৱশ্ৰেষ্ঠ মানুহৰ নৃশংস কাণ্ড!

বন্যহস্তীক নিয়ন্ত্ৰণ কৰিবলৈ ধাননিৰ দাঁতিত স্থাপন বিপজ্জনক বিদ্যুৎ বেৰ।

বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু ঘটিল বন্যহস্তীৰ।

ঘটনাৰ স্থান বাক্সা জিলাৰ দিহিৰা।

মৃত বন্যহস্তীটাে

ইতিমধ্যে, অভিযুক্ত পিতা-পুত্ৰ পুটু কুজুৰ আৰু অজিত কুজুৰক আটক কৰিছে বনবিভাগে ৷

এই সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, পুটু কুজুৰে হাতীৰ জাকৰ পৰা ধাননি ডৰাৰ সুৰক্ষাৰ নামত পুত্ৰ অজিত কুজুৰৰ সৈতে ধাননিৰ দাঁতিত থকা লােহাৰ বেৰত বিদ্যুত সংযোগ কৰিছিল।

মানুহৰ বাবেও বিপজ্জনক এই বিদ্যুৎ বেৰত বিদ্যুৎপৃষ্ট হৈ খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা এটা বন্যহস্তী মৃত্যুমুখত পৰে ৷

ঘটনাৰ খবৰ লাভ কৰি বন বিভাগে মৃত হাতীটোৰ মৰোনত্তৰ পৰীক্ষা কৰি পুতি থয় ৷

লগতে তদন্তৰ অন্তত অভিযুক্ত পিতা-পুত্ৰ দ্বয়ক আটক কৰে।