অভিনয় এৰি কৰ’ণা ৰোগীক সেৱা আগবঢ়োৱা অভিনেত্ৰী আক্ৰান্ত হ’ল কৰ’ণাত !

অভিনয় এৰি কৰ’ণা ৰোগীক সেৱা আগবঢ়োৱা অভিনেত্ৰী আক্ৰান্ত হ’ল কৰ’ণাত !

October 13, 2020 0 By NEWS DESK

দেশজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা.

এই বিপদৰ সময়ত এগৰাকী অভিনেত্ৰীয়ে দেখুৱাইছিল মহানুভৱতা তথা সাহসিকতাৰ নিদৰ্শন।

Image

অভিনেত্ৰী গৰাকীৰ নাম শিখা মালহোট্ৰা।

কৰ’ণা সংক্ৰিমত ব্যক্তিসকলৰ সেৱাৰ বাবেই তেওঁ অভিনয় এৰি নাৰ্চৰ কামত নিজকে নিয়োজিত কৰিছিল।

Image

৬মাহ ধৰি ক’ভিড ৰোগীৰ চিকিসা সেৱা আগবঢ়াই অৱশেষত নিজেই সংক্ৰমিত হ’ল কৰ’ণাত।

Image

এই কথা তেওঁ ছ’চিয়েল মিডিয়াযোগে নিজেই সদৰি কৰিছে।

চিকিৎসাধীন হৈ থকা শিখাই নিজৰ ফটো শ্বেয়াৰ কৰি লিখিছে যে, বৰ্তমান মই কৰ’ণাত আক্ৰান্ত হৈ ভৰ্তি হৈ আছে আৰু অক্সিজেন কম হোৱা যেন অনুভৱ কৰিছো।এই পোষ্ট তেওঁলোকৰ বাবে যিসকলে ভাৱে যে কৰণা নামৰ একো নাই।