অভিনেত্ৰী পাঞ্চী ব্ৰহ্মলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় সন্মান

অভিনেত্ৰী পাঞ্চী ব্ৰহ্মলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় সন্মান

October 26, 2020 0 By NEWS DESK

নিউজ ডেস্ক। অসমৰ, বিশেষকৈ বিটিআৰৰ চলচ্চিত্ৰ প্ৰেমী ৰাইজৰ বাবে এক সুখবৰ!

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচ্চিত্ৰ মহােৎসৱত জিলিকিছে আন এগৰাকী অসম কন্যা।

কোকৰাঝাৰৰ বাগানচালিৰ বাসিন্দা তথা জনপ্ৰিয় বড়াে অভিনেত্ৰী পাঞ্চী ব্ৰহ্মলৈ কানাডাৰ বিগ চাউণ্ড আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ২০২০ত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান।

‘ডাস্ক’ (DUSK) শীৰ্ষক চুটি ছবিখনত এগৰাকী দেহােপজীৱিনীৰ চৰিত্ৰৰ বাবে এই বঁটা ঘােষণা কৰা হৈছে।

উল্লেখ্য যে এই চুটি ছবিখনত পশ্চিম বংগৰ ৰাজধানী চহৰ কলকাতাৰ ৰেড্ লাইট এলেকাত বাস কৰা এগৰাকী প্ৰবাসী নেপালী দেহোপজীৱিনীৰ চৰিত্ৰত অভিনয় কৰিছে পাঞ্চীয়ে।

শেহতীয়াকৈ ছবিখনৰ ট্ৰেইলৰ আনুষ্ঠানিকভাৱে মুকলি কৰিছে। চাওক ভিডিঅ’

উক্ত ছবিখনৰ পৰিচালক হৈছে অভিষেক বসু ৰয়।

উল্লেখ্য যে কলকাতা চলচ্চিত্ৰ মহোৎসৱতাে প্ৰদৰ্শন কৰা হ’ব এই ছুটি ছবিখন।