NEWS8 NE

অভিযানত নামিল DSP হিমা দাস! হাতত মাৰণাস্ত্ৰ লৈ ঘােঁৰাৰ পিঠি উঠি ক’লে…

নিউজ ডেস্কঃ আৰক্ষীৰ পোছাক পিন্ধি হাতত মাৰণাস্ত্ৰ লৈ নতুন ৰূপত দেখা গ’ল আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈ তথা ডিএছপি হিমা দাসক।

বুধবাৰে দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্থিত হয় ধিং এক্সপ্ৰেছ হিমা দাস। আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত লাভ কৰা সফলতাৰ সন্মান স্বৰূপে ডিএছপি পদত নিযুক্তি লাভ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে তেওঁ উপস্থিত হয় আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত।

দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত হিমা দাসক ফুলাম গামোছাৰে আদৰণি জনায় মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱাশীষ শৰ্মাই। ইয়াৰ পিছতে মহাবিদ্যালয়খনৰ বিভিন্ন গোটত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা ২১৪৮ গৰাকী অসম আৰক্ষী জোৱানক উদ্দেশ্যি গুৰুত্বপূৰ্ণ মন্তব্য কৰে দৌৰবিদ তথা ডিএছপি হিমা দাসে।

এই সময়ছোৱাতে হাতত মৰাণাস্ত্ৰ লৈ ঘোঁৰাৰ পিঠিত উঠা নতুন ৰূপত দেখা পোৱা যায় হিমা দাসক। অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ নিৰ্দেশ অনুসৰি অসম আৰক্ষীৰ দক্ষ খেলুৱৈ সকলক একত্ৰিত কৰি অচিৰেই এটা নতুন এথলেটিকছ দল গঠন কৰা হ’ব বুলিও ঘোষণা কৰে হিমা দাসে।

দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ক চৌহদত হিমা দাসৰ উপস্থিতিয়ে মহাবিদ্যালয়খনত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা আৰক্ষী জোৱান সকলক আনন্দিত কৰে।

Exit mobile version