অভূতপূৰ্ব! বন্যহস্তী নিধন কৰা ৰে’ল ইঞ্জিন জব্দ কৰিলে বন বিভাগে

অভূতপূৰ্ব! বন্যহস্তী নিধন কৰা ৰে’ল ইঞ্জিন জব্দ কৰিলে বন বিভাগে

October 21, 2020 0 By NEWS DESK

গুৱাহাটী। অসমত বিভিন্ন অপ্ৰাকৃতিক কাৰণত বন্যহস্তীৰ ধাৰাবাহিক মৃত্যুৰ ঘটনা ৰােধ কৰিব নোৱাৰিলেও শেহতীয়াকৈ ৰেল ইঞ্জিন জব্দ কৰি দেশজুৰি চৰ্চা লাভ কৰিছে।

দেশত নোহোৱা নোপোজা ঘটনা সংঘটিত হোৱাত ৰাইজৰ মাজত তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে।

বন বিভাগে জব্দ কৰা ৰে’লৰ ইঞ্জিনটাে

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জন সম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই জনোৱা মতে, ২৬ আৰু ২৭ চেপ্টেম্বৰৰ মাজনিশাত হােজাই জিলাৰ লামডিঙত এখন মালবাহী ৰে’লৰ খুন্দাত এটা মাইকী বনৰীয়া হাতী তথা পােৱালীৰ কৰুণ মৃত্যু হৈছিল।

ঘটনা সন্দৰ্ভত বন বিভাগে এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত কৰি আছিল।

বন বিভাগৰ প্ৰাথমিক তদন্তত হাতী নিধন কৰা ৰে’লৰ ইঞ্জিনটো মহানগৰীৰ বামুণীমৈদৈমৰ ৰে’ল মেৰামতি কাৰখানাত থকা বুলি নিশ্চিত তথ্য লাভ কৰে।

এই তথ্যৰ ভিত্তিত বন বিভাগে কালি বামুণীমৈদামৰ ৰে’ল মেৰামতি কাৰখানাত অভিযান চলাই অভিযুক্ত ৰে’লৰ ইঞ্জিনটো জব্দ কৰে।

জব্দকৃৎ ৰেল ইঞ্জিনৰ সৈতে অভিযানকাৰী দলটােৰ সদস্যসকল

এই লৈ ৰে’ল বিভাগৰ ভিতৰ চৰাতেই নহয় সমগ্ৰ দেশজুৰি তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে।

এই ঘটনাটােৰ বাবে ইতিমধ্যে ৰে’ল বিভাগে সংশ্লিষ্ট চালক আৰু সহকৰ্মীৰ নিলম্বিত কৰিছে।

ইঞ্জিন জব্দৰ এই ঘটনা দেশৰ ভিতৰতে প্ৰথম বুলি সচেতন মহলে মন্তব্য কৰিছে।