অসমত গঠন হ’ব হিন্দু বাঙালীৰ নতুন ৰাজনৈতিক দল!

অসমত গঠন হ’ব হিন্দু বাঙালীৰ নতুন ৰাজনৈতিক দল!

August 12, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ আৰিফ আহমেদ। আছুৰ ৰাজনৈতিক দলক লৈ সৰ্বত্ৰে চৰ্চা লাভ কৰাৰ সমান্তৰালকৈ এইবাৰ পোহৰলৈ আহিছে আন এক ৰাজনৈতিক খবৰ।

অচিৰেই হিন্দু বাঙালী সকলে অসমত গঠন কৰিব পাৰে ৰাজনৈতিক দল।

ইতিমধ্যে হিন্দু বাঙালীৰ মাজত আৰম্ভ হৈছে দল খোলাৰ কুচকাৱাজ।

এই মন্ত্যৱ বিটিচিৰ প্ৰাক্তন কার্যবাহী সদস্য তথা বৰ্তমানৰ ২৭ নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰবীন্দ্ৰ বালা বিশ্বাসৰ।

বিটিচিৰ ২৭ নং নাগ্ৰীজুলি সমষ্টিৰ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিশ্বাসে কয় যে, অসমত আছুৰ নেতৃত্বত হোৱা বিদেশী বাহিস্কাৰ আন্দোলনত অসমৰ হিন্দু বাঙালী সকলে যিমান কষ্ট পাইছিল, অসমত এনআৰচিৰ নামত তাতোকৈ বহু বেছি কষ্ট খাব ল’গা হৈছে হিন্দু বাঙালী সকলে।

হিন্দু বাঙালী সকল পদে পদে নিৰ্যাতিত হ’ব ল’গা হোৱাটো এক দুৰ্ভাগ্যজনক।

বিজেপি চৰকাৰ অহাৰ পিছত হিন্দু বঙালী সকলে এনআৰচিৰ কামত সহযোগ কৰিবলৈ গৈ হিন্দু বঙালী সকলে মাটি ভেটি হেৰুৱাৰ উপৰিও টকা পইচা খৰচ কৰি হাৰাশাস্তি হোৱাৰ উপৰিও মানসিকভাৱে হাৰাশাস্তিৰ সন্মুখিন হৈছে।

বহু হিন্দু বাঙালীয়ে আত্মহত্যা কৰিছে।

এনআৰচিৰ কাম আৰম্ভৰ পূৰ্বে বিটিচিৰ লগতে সমগ্র অসমৰ হিন্দু বঙালী সকলে বিজেপিক সমৰ্থন কৰিছিল যদিও এনআৰচিৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত বঙালী সকলে বিজেপি দলক সমৰ্থন কৰাটো যে মুৰ্খামী আছিল সেয়া এতিয়া হিন্দু বাঙালী সকলে বুজি পাইছে বুলিও তাৎপৰ্যপূর্ণ মন্তব্য কৰে।

সেই বাবেই অসমৰ হিন্দু বঙালীৰ বুদ্ধিজীৱি সকলে এটা নিজস্ব দল গঠন কৰিবলৈ কুচকাৱাজ আৰম্ভ কৰা হৈছে বুলি মন্ত্যৱ কৰিছে ৰবীন্দ্ৰ বিশ্বাসে।

অসমত দল গঠন হ’লে মই নিজেও সহায় সহযোগিতা আৰু নাগ্ৰীজুলি বাসী ৰাইজেও সমাগত বিটিচি পৰিষদীয় নিৰ্বাচন আৰু ২০২১ৰ বিধান সভা নিৰ্বাচনত বিজেপি দলক প্ৰত্যাখ্যান কৰি হিন্দু বঙালী সকলে উচিত প্ৰত্যুত্তৰ দিব বুলি ৰবীন্দ্ৰ বিশ্বাসে এক বিস্ফোৰক মন্তব্য কৰে।