NEWS8 NE

অসমত জন্মগ্ৰহণ কৰা IPS বিষয়াক জম্মু-কাশ্মীৰত হত্যা, গ্ৰেপ্তাৰ ঘৰুৱা সহায়ক

নিউজ ডেস্ক। জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান (জে’ল) হেমন্ত কুমাৰ লােহিয়াক হত্যা।

পত্নীসহ জম্মুৰ এজন বন্ধুৰ ঘৰলৈ যােৱা ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়াগৰাকীৰ মৃতদেহ বন্ধুজনৰ ঘৰৰে এটা কােঠালিত উদ্ধাৰ কৰা হয়।

তেওঁৰ হত্যাৰ খবৰ পােহৰলৈ অহাৰ পিছৰে পৰা আত্মগােপন কৰা ঘৰুৱা সহায়ক ইয়াছিন আহমেদক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।

এই হত্যাকাণ্ডই জম্মু-কাশ্মীৰৰ লগতে সমগ্ৰ দেশতে তীব্ৰ আলােড়নৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, ঘৰুৱা সহায়কগৰাকীয়ে আইনাৰ বটলেৰে তেওঁৰ ডিঙি ৰেপি হত্যা কৰাৰ লগতে তেওঁক জীৱন্তে জ্বলাই দিয়াৰো চেষ্টা চলাইছিল।

এই হত্যাকাণ্ড সংঘটিত কৰিয়েই ঘৰুৱা সহায়কগৰাকীয়ে পলায়ন কৰে। অৱশ্যে পিছত ভাৰত-পাকিস্তানৰ সীমান্তৱৰ্তী অঞ্চলৰ পৰা ঘৰুৱা সহায়কগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ইপিনে, এক অখ্যাত সন্ত্ৰাসবাদী সংগঠনে এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে।

পি এ এফ এফ নামৰ অখ্যাত সংগঠনটােৱে এনেদৰে আৰু কেবাজনাে হাই প্ৰফাইল চৰকাৰী বিষয়াক টাৰ্গেট কৰিব বুলি সকীয়নি প্ৰদান কৰিছে।

উল্লেখ্য যে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ৩ দিনীয়া জম্মু-কাশ্মীৰ ভ্ৰমণলৈ যােৱাৰ প্ৰাকমুহূৰ্ততে এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়।

হেমন্ত কুমাৰ লােহিয়া নামৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াগৰাকীৰ জন্ম গুৱাহাটীত।

অসম আৰক্ষীয়ে টুইট কৰি এগৰাকী সুযােগ্য অসম সন্তানৰ এনে বিয়ােগত গভীৰ শােক প্ৰকাশ কৰিছে।

Exit mobile version