NEWS8 NE

অসমত মানুহ বিশেষ আইন বেলেগ-বেলেগঃ কংগ্ৰেছ বিধায়িকা শিৱামণি বৰা

নিউজ ডেস্ক। অসমত মানুহ বিশেষ আইন বেলেগ-বেলেগ!

একে অপৰাধৰ বাবে কােনাে লােকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে, কিন্তু আন বিশেষ ব্যক্তিক ৰেহাই দিয়ে।

-এই গুৰুতৰ অভিযােগ উত্থাপন কৰিছে বটদ্ৰৱা সমষ্টিৰ কংগ্ৰেছ বিধায়িকা শিৱামণি বৰাই।

উল্লেখ্য যে যােৰহাটৰ টীয়কৰ জীয়ৰী বৰ্ষাশ্ৰী বুঢ়াগােঁহাইৰ মুক্তিৰ দাবীত শেহতীয়াকৈ সামাজিক মাধ্যম উত্তাল হৈ পৰিছে।

লগতে মেধাৱী ছাত্ৰীগৰাকীৰ মুক্তিৰ দাবী তুলিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠনেও।

তেনে সময়তে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি বিধায়িকাগৰাকীয়ে অভিযােগ কৰি কয় যে বিজেপি চৰকাৰৰ দিনত অসম আৰক্ষীৰ ওপৰত সাধাৰণ জনতাৰ ভৰষা নাইকীয়া হৈছে।

বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবী জনাই বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰাই কয় যে এগৰাকী ১৯ বৰ্ষীয় ছাত্ৰীক যোৱা দুমাহ ধৰি কাৰাগাৰত বন্দী কৰি ৰখাটো কোনোপধ্যেই উচিত হ’ব নোৱাৰে।

জুবিন গাৰ্গৰ প্ৰসংগ টানি আনি শিৱামণি বৰাই কয়, ‘অসমত কা বলবৎ হলে আলফালৈ যাম বুলি কৈছিল। যদি আইন সকলোৰে বাবে সমান, তেন্তে তেতিয়া জুবিন গাৰ্গৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাছিল?’

ইফালে আলফাৰ ওচৰত নতমস্তক হৈ ক্ষমা বিচৰা কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰসংগও উত্থাপন কৰে বিধায়িকাগৰাকীয়ে।

তেওঁ কয় যে যদি আলফালৈ যোৱাৰ কথা কোৱা বাবে বৰ্ষাশ্ৰীয়ে ৰাষ্ট্ৰদ্ৰোহ কৰা হয়, তেন্তে একেই ৰাষ্ট্ৰদ্ৰোহ মন্ত্ৰী সঞ্জয় কিষাণেও কৰিছে। কিন্তু তেওঁৰ বিৰুদ্ধে কিয় কোনো পদক্ষেপ লোৱা নহ’ল বুলি আৰক্ষী আৰু চৰকাৰক প্ৰশ্ন কৰে বিধায়িকা শিৱামণি বৰাই।

যোৱা দুমাহে বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰাৰ প্ৰকৃত কাৰণ আৰক্ষীয়ে স্পষ্ট কৰা নাই বুলি মন্তব্য কৰে বটদ্ৰৱাৰ বিধায়িকাগৰাকীয়ে।

তেওঁ কয় যে ন্যায়গতভাৱে ব্যৱস্থা গ্ৰহণ কৰা হওক।

মাত্ৰ দুদিন পিছত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাত অৱতীৰ্ণ হ’বপৰাকৈ মেধাৱী ছাত্ৰীগৰাকীক সুবিধা কৰি দিবলৈও অসম আৰক্ষী তথা মুখ্যমন্ত্ৰীক আহ্বান জনায় শিৱামণি বৰাই।

লগতে চাওকঃ

কাৰাবন্দী বৰ্ষাশ্ৰী বুঢ়াগােঁহাইৰ মুক্তিৰ চৰ্ত কি? ক’লে মুখ্যমন্ত্ৰীয়ে…

Exit mobile version