অসমত সাপ্তাহিক লক ডাউন প্ৰত্যাহাৰ ! পূৰ্বৰ দৰে শনি আৰু দেওবাৰে নাথাকে লকডাউন…

অসমত সাপ্তাহিক লক ডাউন প্ৰত্যাহাৰ ! পূৰ্বৰ দৰে শনি আৰু দেওবাৰে নাথাকে লকডাউন…

September 4, 2020 0 By NEWS DESK

অসমত সাপ্তাহিক লক ডাউন প্ৰত্যাহাৰ।

পূৰ্বৰ দৰে শনি আৰু দেওবাৰে নাথাকে লকডাউন।

অসমত সান্ধ্য আইনো প্ৰত্যাহাৰ চৰকাৰৰ।

নিশাৰ সময়ত থকা কাৰ্ফিউ প্ৰত্যাহাৰ অসম চৰকাৰৰ।

৩০ ছেপ্তেম্বৰলৈকে কন্টেউনমেন্ট জ’নৰ বাহিৰত কাৰ্যকৰী হোৱাকৈ অসম চৰকাৰে প্ৰকাশ কৰিছে লকডাউনৰ কিছু নতুন নীতি নিৰ্দেশনা।

শিক্ষানুষ্ঠান আৰু কোচিং চেন্টাৰৰ দৈনিক শিক্ষাদান ৩০ ছেপ্তেম্বৰলৈকে বন্ধ থাকিব।

অৱশ্যে অব্যাহত থাকিব অনলাইন আৰু দূৰৱৰ্তী শিক্ষা।

কভিড-১৯ৰ সকলো নীতি নিয়ম মানি চলি দক্ষতা বিকাশৰ লগতে উদ্যমিতা প্ৰশিক্ষণ আদি চলি থাকিব।

আনহাতে উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক কেৱল গৱেষণামূলক কাৰ্যৰ লগতে গৱেষণাগাৰৰ একেবাৰে এৰিব নোৱাৰা বিষয়তহে খোলাৰ বাবে অনুমতি দিয়া হৈছে।

ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ ক্ষেত্ৰতো ৭ ছেপ্তেম্বৰৰ পৰা প্ৰদান কৰা হৈছে চলাচলৰ অনুমতি। অৱশ্যে ৰাজহুৱা পৰিবহনত কভিড প্ৰটকল মানি চলাটো বাধ্যতামূলক।

বিবাহ তথা অন্য অনুষ্ঠানত ৫০ৰপৰা বৃদ্ধি কৰি ১০০জন লোকৰ সমাগমৰ অনুমতি।

ৰাজ্যৰ জনসাধৰণক কোভিড প্ৰ’টকল মানি চলিবলৈ আহ্বান ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ ।

টুইটাৰ যোগে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জনালে এই কথা।