অসমলৈ আহি বন্যাৰ্তক সহায়ৰ বাবে ইচ্ছুক ডাঃ কাফিল খান

অসমলৈ আহি বন্যাৰ্তক সহায়ৰ বাবে ইচ্ছুক ডাঃ কাফিল খান

September 3, 2020 0 By NEWS DESK

অসমৰ বন্যাৰ্তৰ দুৰ্বিষহ জীৱনক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে সদ্যকাৰামুক্ত চিকিৎসক ডাঃ কাফিল খানে।

‘কা’ বিৰােধী আন্দােলনৰ সৈতে জড়িত হৈ পৰাৰ বাবেই ৰাষ্ট্ৰীয় নিৰাপত্তা আইন চমুকৈ এনএছএৰ অধীনত উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চিকিৎসকজন সুদীৰ্ঘ ৮ মাহৰ অন্তত মুকলি আকাশৰ তলত আহিল।

মুকলি হৈ অহাৰ পাছতে ফেচবুক লাইভৰ জৰিয়তে এই বন্দীত্ব কালৰ বহু কথাই ৰাজহুৱা কৰে ডাঃ খানে।

তাৰ মাজতে অসমৰ বন্যাৰ্তৰ কথা উল্লেখ কৰি ডাঃ খানে অসমৰ বন্যাৰ্তক সহায়ৰ বাবে ইচ্ছুক বুলি প্ৰকাশ কৰে।

তেওঁ লগতে এই উদ্দেশ্যে অসমলৈ আহিব বুলিও মন্তব্য কৰে।

উল্লেখ্য যে এলাহাবাদ উচ্চ ন্যায়ালয়ে ডাঃ খানক দোষমুক্ত বুলি ঘোষণা কৰাৰ লগতে তেওঁক বন্দী কৰি ৰখাটো আইনবিৰোদ্ধ বুলি উল্লেখ কৰি চৰকাৰক তেওঁক তাৎক্ষণিকভাৱে মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়ে।

অৱশেষত মংগলবাৰে মাজনিশা তেওঁক মথুৰা কাৰাগাৰৰপৰা মুকলি কৰি দিয়া হয়।

চিকিৎসকগৰাকীৰ মুক্তিৰ পিছতে মাতৃ নুজাত পাৰবীনে কয়, ‘মোৰ পুত্ৰ এজন ভাল মানুহ আৰু তেওঁ দেশ বা সমাজৰ বিৰুদ্ধে কেতিয়াও কাম কৰিব নোৱাৰে।’