অসমলৈ ১ কােটিৰ বান সাহায্যৰ বাবে অক্ষয় কুমাৰলৈ মুখ্যমন্ত্ৰীৰ কৃতজ্ঞতা

অসমলৈ ১ কােটিৰ বান সাহায্যৰ বাবে অক্ষয় কুমাৰলৈ মুখ্যমন্ত্ৰীৰ কৃতজ্ঞতা

August 18, 2020 0 By NEWS DESK

কিছুদিন পূৰ্বে বলিউড ষ্টাৰ অক্ষয় কুমাৰে অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বাবে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়াইছিল ১ কোটি টকা।

ইয়াৰ পিছতে মঙ্গলবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অক্ষয় কুমাৰলৈ টুইটাৰযোগে ধন্যবাদসূচক বাৰ্তা প্ৰেৰণ কৰে।

অভিনেতা অক্ষয় কুমাৰ

তেওঁ কয়- অক্ষয় কুমাৰ, আপোনাৰ সহায়ৰ বাবে ধন্যবাদ।

পূৰ্বতেও সংকটৰ সময়ত আপুনি অসমৰ প্ৰতি সহৃদয়তা প্ৰদৰ্শন কৰিছিল।

এজন অসমৰ ভাল বন্ধু হিচাপে আপুনি আমাৰ লগত সদায় আছে। ভগৱানে আপোনাৰ মংগল কৰক।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱাল

উল্লেখ্য যে ২৬ খন জিলা এইবাৰ বানৰ কবলত পৰিছিল।

বানৰ ফলত ভয়ংকৰ বিপদৰ সন্মুখীন হৈছিল বন্যাৰ্তসকল। শতাধিক লােকে প্ৰাণ হেৰুওৱাৰ লগতে বন্যপ্ৰাণীৰাে ব্যাপক সংখ্যাত মৃত্যু ঘটিছিল।