অসমলৈ ১ কােটি টকাৰ বান সাহায্য প্ৰদান অক্ষয় কুমাৰৰ

অসমলৈ ১ কােটি টকাৰ বান সাহায্য প্ৰদান অক্ষয় কুমাৰৰ

August 14, 2020 0 By NEWS DESK

দুৰ্যােগপূৰ্ণ সময়ত সহায়ৰ বাবে বলিউডৰ বহু তাৰকাতকৈ সদায় এখোজ আগত থাকে ছুপাৰষ্টাৰ অক্ষয় কুমাৰ।

ক’ৰনা মহামাৰীৰ সময়তো অভিনেতাজনে প্ৰধানমন্ত্ৰী সাহায্য পূঁজিলৈ আগবঢ়াইছিল ২৫ কোটি টকা।

কিন্তু বৰ্তমান স্কটলেণ্ডত ছবিৰ শ্বুটিংত ব্যস্ত থকা অভিনেতাজনে পাহৰা নাই দেশৰ প্ৰতিটো অঞ্চলৰ জনসাধাৰণৰ দুখ আৰু সংকটৰ কথা।

বিশেষকৈ অসম আৰু বিহাৰৰ শেহতীয়া বান পৰিস্থিতিৰ কথা অনুভৱ কৰি তেওঁ দুয়োখন ৰাজ্যলৈ আগবঢ়াইছে ১ কোটিকৈ আৰ্থিক সহায়।

UB Photos

এই বিষয়ে বৃহস্পতি বাৰে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে ফোন যোগে বাৰ্তালাপ কৰে অভিনেতা জনে।

এই সহায়ৰ বাবে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ে তেওঁক কৃতজ্ঞতা জনায়।

উল্লেখ্য যে অভিনেতা অক্ষয় কুমাৰে যোৱা বৰ্ষৰ ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতি আৰু কাজিৰঙা বানৰ বাবে জীৱ জন্তুৰ দুৰৱস্থাৰ বিষয়ে জানিব পাৰি আগবঢ়াইছিল বিত্তীয় সাহায্য।

অসমৰ বাবে সেৱাৰ মনোভাৱ থকা এইজন অভিনেতাক অসম বাসীয়ে জনাইছে ধন্যবাদ।