NEWS8 NE

অসমৰ প্ৰতিবেশী ৰাজ্যত উদ্ধাৰ ১০ কােটি বছৰ পুৰণি ডাইনছৰৰ হাড়

নিউজ ডেস্ক। প্ৰায় ১০ কােটি বছৰ পুৰণি বিশাল ডাইনছৰৰ বিভিন্ন হাড়ৰ অংশ গৱেষকৰ এক দলে উদ্ধাৰ কৰিছে মেঘালয়ৰ পশ্চিম খাছী পাৰ্বত্য জিলাত।

ভৌগোলিক জৰীপৰ ক্ষেত্ৰ অধ্যয়নৰ বাবে যোৱা জীৱাশ্ম বিজ্ঞান বিভাগৰ দলটোৱে লাভ কৰে সেই সমূহ।

অৱশ্যে, দলটোৱে আনুষ্ঠানিক ভাৱে বৰ্তমানেও মুকলিকৈ প্ৰকাশ কৰা নাই সেই বিষয়ে।

গৱেষকৰ দলটোৱে কয় যে উত্তৰ পূব ভাৰতত ডাইনছৰৰ হাড় উদ্ধাৰ কৰা এইটোৱেই হৈছে প্ৰথম ঘটনা। ইয়াৰ পৰাই জানিব পৰা যায় যে এই প্ৰকাণ্ড জন্তু বিধৰ অৱস্থিতি এই অঞ্চলটো আছিল।

গৱেষকৰ দলটোৱে লগতে কয় যে, ডাইনছৰৰ হাড় লাভ কৰা মেঘালয় হৈছে দেশৰ পঞ্চমখন ৰাজ্য। ইয়াৰ পূৰ্বে এনে হাড় লাভ কৰা চাৰি ৰাজ্য ক্ৰমে গুজৰাট, তামিলনাডু, মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰ।

দলটোৰ জ্যেষ্ঠ জীৱাশ্ম বিজ্ঞান বিভাগৰ ভূ-তত্ত্ববিদ অৰিন্দম ৰয়ে কয়, ডাইনছৰৰ হাড় ২০০১ চনটো মেঘালয়ত লাভ কৰা হৈছিল। কিন্তু সেই সময়ৰ দুৰ্বল প্ৰযুক্তিৰ বাবে ইয়াক সঠিক ভাৱে চিহ্নিত কৰিব পৰা হোৱা নাছিল। এই সমূহ প্ৰায় ১০ কােটি বছৰ পুৰণি। এই সমূহৰ ওপৰত বৰ্তমানেও অধ্যয়ন অব্যাহত আছে।

উল্লেখ্য যে গৱেষক সকলে বিভিন্ন ঠাইত লাভ কৰা ডাইনছৰৰ হাড়সমূহ ভিন্ন ধৰণৰ তথা ভিন্ন আকাৰৰ। এই সমূহ ভিন্ন প্ৰজাতিৰ ডাইনছৰৰ হাড় হব পাৰে বুলিও উল্লেখ কৰিছে গৱেষক সকলে।

লগতে চাওকঃ

উন্মুক্ত কুঁৱাত পৰিল হাতী পোৱালি, উদ্ধাৰৰ বাবে চলিল বন বিভাগৰ তীব্ৰ অভিযান

Exit mobile version