অসমৰ বানপানীৰ বাবে মেনকাইণ্ড ফাৰ্মাৰ ১ কোটি সাহায্য প্ৰদান

অসমৰ বানপানীৰ বাবে মেনকাইণ্ড ফাৰ্মাৰ ১ কোটি সাহায্য প্ৰদান

August 13, 2020 0 By NEWS DESK

অসমৰ শেহতীয়া প্ৰলয়ংকৰী বান পৰিস্থিতিৰ বাবে ভিন্ন জনে আগবঢ়াইছিল সহায়ৰ হাত।

এইবাৰ অসমৰ বানৰ বাবে ১ কোটি টকাৰ আৰ্থিক সহায় আগবঢ়াইছে দেশৰ চতুৰ্থ বৃহৎ ঔষধ নিৰ্মাতা প্ৰতিষ্ঠান মেনকাইণ্ড ফাৰ্মা এ।

ৰাজ্যখনৰ বানত আক্ৰান্ত লোকক সহায়ৰ উদ্দেশ্যে প্ৰতিষ্ঠান টোৱে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ আগবঢ়াই এই ধন।

এই সন্দৰ্ভত মেনকাইণ্ড ফাৰ্মাৰ মুখ্য কাৰ্য্যবাহী বিষয়া ৰাজীৱ জুনেজাই কয় – বৰ্তমান সময় আমাৰ দেশৰ বাবে প্ৰত্যাহ্বানমূলক।

Ub Photos

তেনে সময়তে অসমে মহামাৰী কৰণাৰ লগতে যুঁজিবলগীয়া হৈছে বানৰ সন্ত্ৰাসৰ সৈতে।

আমাৰ ক্ষুদ্ৰ সহায়ে আক্ৰান্ত সকলৰ কিছু হ’লেও সহায় হ’ব বুলি আশা কৰিছো।