অসমৰ IPS প্ৰবেশ্যনাৰী পাৰ্থ প্ৰতিম দাসৰ সৈতে মােদী বাৰ্তালাপ, অসম-গুজৰাটৰ সম্পৰ্কৰ বিষয়ে বহু কথাই ক’লে মােদীয়ে

অসমৰ IPS প্ৰবেশ্যনাৰী পাৰ্থ প্ৰতিম দাসৰ সৈতে মােদী বাৰ্তালাপ, অসম-গুজৰাটৰ সম্পৰ্কৰ বিষয়ে বহু কথাই ক’লে মােদীয়ে

September 4, 2020 0 By NEWS DESK

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চৰ্দাৰ বল্লভ ভাই পেটেল নেশ্যনেল পুলিচ একাডেমীত অনুষ্ঠিত দীক্ষান্ত পেৰেড সমাৰোহত ভিডিঅ’ কনফাৰেন্সযোগে অংশগ্ৰহণ কৰি আইপিএছ প্ৰবেশ্যনাৰী বিষয়াসকলৰ সৈতে মত বিনিময় কৰে।

অনুষ্ঠানত উপস্থিত থাকি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ এই একাডেমীৰ পৰা উত্তীৰ্ণ হৈ ওলাই যোৱা যুৱ আইপিএছ বিষয়াসকলৰ সৈতে নিয়মিতভাৱে আলোচনাত মিলিত হয়, কিন্তু এইবছৰ ক’ৰোনা মহামাৰীৰ বাবে তেওঁলোকক স্বচক্ষে সাক্ষাৎ কৰিব নোৱাৰিলে।

তেওঁ লগতে কয়, “কিন্তু নিশ্চিতভাৱে মই মোৰ কাৰ্যকালৰ মাজতেই আপোনালোক সকলোকে ক’ৰবাত নহয় ক’ৰবাত সাক্ষাৎ কৰিম।”

সফলতাৰে প্ৰশিক্ষণ সমাপ্ত কৰা আইপিএছ প্ৰবেশ্যনাৰী বিষয়াসকলক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীৰ সৈতে পাৰ্থ প্ৰতিম দাসৰ বাৰ্তালাপ

এই কাৰ্যসূচীৰ মাজতে অসম-মেঘালয় কেডাৰৰ IPS বিষয়া তথা যােৰহাটৰ বাসিন্দা পাৰ্থ প্ৰতিম দাসৰ সৈতেও বাৰ্তালাপ কৰে।

পাৰ্থ প্ৰতিম দাসে গুজৰাটৰ ছুৰাট স্থিত NITৰ পৰা কম্পিউটাৰ ইঞ্জিনিয়াৰিং কৰা বুলি প্ৰকাশ কৰাৰ পাছতে মােদীয়ে গুজৰাট তথা অসমৰ মানুহৰ মাজত থকা বহু মিলৰ কথা ব্যক্ত কৰে।

উল্লেখ্য যে পাৰ্থ প্ৰতিম দাস অসম-মেঘালযৰ কেডাৰৰ বিষয়া হিচাপে নিযুক্তি লাভ কৰিছে।

তেওঁ শেহতীয়াকৈ ক’ভিড-১৯ৰ কালছােৱাত বহিঃৰাজ্যৰ পৰা অসমলৈ ঘূৰি অহা লােকসকলক চােৱাচিতাৰ বাবে কােকৰাঝাৰৰ অসম-বংগ সীমান্তত নিয়ােজিত থকা বুলি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীৰ সন্মুখত এই অভিজ্ঞতা সন্দৰ্ভত বহু কথাই কয়।

এই ক’ভিড-১৯ মহামাৰীৰ জৰুৰীকালীন সময়ছোৱাত দেশৰ আৰক্ষী বাহিনীয়ে কৰা ভাল কামৰ বাবে আৰক্ষীৰ এই খাকী পোছাকযোৰৰ মাজত থকা মানৱীয়তাৰ সুন্দৰ পৰিচয় মানুহৰ মনৰ মাজত সোমাই গৈছে বুলি মন্তব্য কৰে।