অসম আৰক্ষীৰ চাকৰিৰ বাবে অনুশীলনৰত অৱস্থাতে মৃত্যু যুৱকৰ!

অসম আৰক্ষীৰ চাকৰিৰ বাবে অনুশীলনৰত অৱস্থাতে মৃত্যু যুৱকৰ!

September 28, 2020 0 By NEWS DESK

অসম আৰক্ষীৰ চাকৰিক লৈ পুনৰ এক অঘটন!

আমগুৰি। এক মৰ্মান্তিক ঘটনা।

অসম আৰক্ষীৰ চাকৰিৰ বাবে অনুশীলন কৰি থকা অৱস্থাতে কৰুণ মৃত্যু এজন যুৱকৰ।

ঘটনাৰ স্থান শিৱসাগৰ জিলাৰ আমগুৰি।

জানিব পৰা মতে, আমগুৰি বালিপথাৰৰ খগেন ফুকনৰ একমাত্ৰ পুত্ৰ মনোজ ফুকনৰ অনুশীলন স্থলীতে মৃত্যু ঘটে।

মনােজ ফুকন

অনুশীলনৰত অৱস্থাতে চামগুৰি মঙলা মাউৎ খেলপথাৰত ঢলি পৰে যুৱকজন।

ততাতয়াকৈ আমগুৰি সামূহিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

অনুশীলন স্থলীত মৃত্যু হোৱা যুৱক জনৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপুৰণ দিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

উল্লেখ্য যে অসম আৰক্ষী এছ আই পদক লৈ সৃষ্টি হােৱা পৰিস্থিতিৰ বাবে ইতিমধ্যে আশাহত হৈছে চাকৰিপ্ৰাৰ্থী বহু নিবনুৱা যুৱক-যুৱতী।

তেনে সময়তে অনুশীলনৰত অৱস্থাত এজন যুৱকৰ এনেদৰে মৃত্যু হােৱা ঘটনাই তীব্ৰ শােকৰ ছাঁ পেলাইছে।