অসম আৰক্ষীৰ নিযুক্তি ব’ৰ্ডৰ ডাঙৰ সিদ্ধান্ত ! কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়া বাতিল…

অসম আৰক্ষীৰ নিযুক্তি ব’ৰ্ডৰ ডাঙৰ সিদ্ধান্ত ! কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়া বাতিল…

October 9, 2020 0 By NEWS DESK

অসম আৰক্ষীৰ নিযুক্তি ব’ৰ্ডৰ ডাঙৰ সিদ্ধান্ত।

অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰাৰ সিদ্ধান্ত।

বহিৰাগত প্ৰতিষ্ঠানক পৰীক্ষা প্ৰক্ৰিয়াৰ পৰা আতৰ কৰিবলৈ লোৱা হৈছে এই সিদ্ধান্ত।

বিশেষ ভাৱে সক্ষম সকলৰ মৌখিক পৰীক্ষাও বাতিল কৰা হৈছে।

এছ আই কেলেংকাৰীৰ তদন্তৰ বাবে স্থগিত ৰখা হৈছে এই পৰীক্ষা।

উল্লেখ্য যে, প্ৰাঞ্জল বৰুৱাৰ কোম্পানী জড়িত আছিল নিযুক্তি প্ৰক্ৰিয়াত।

এছ আই কেলেংকাৰীৰ অন্যতম অভিযুক্ত হ’ল প্ৰাঞ্জল বৰুৱা।

অবশ্যে তদন্তৰ আওঁতালৈ এতিয়াও অহা নাই প্ৰাঞ্জল বৰুৱাৰ এটিচি প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটো।

উল্লেখ্য যে, অচিৰেই ঘোষণা কৰা হ’ব পৰীক্ষাৰ নতুন তাৰিখ।