অসম আৰক্ষীৰ পুৰণিকলীয়া চিন্তাধাৰা এতিয়া  পৰিহাৰ কৰিবৰ হ’লঃ ডিজিপি

অসম আৰক্ষীৰ পুৰণিকলীয়া চিন্তাধাৰা এতিয়া পৰিহাৰ কৰিবৰ হ’লঃ ডিজিপি

November 22, 2020 0 By NEWS DESK

নিউজ ডেস্ক। অসম আৰক্ষীৰ পুৰণিকলীয়া চিন্তাধাৰা এতিয়া পৰিহাৰ কৰিবৰ হ’ল।

বৰ্তমান সময় বিভিন্ন বিভাগ তথা স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত আৰক্ষী তথ্য-প্ৰযুক্তিসহ অন্যান্য দিশত আগবাঢ়ি যাবলাগিব।

এই অনুভৱ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ।

UB photos

অলপতে কামৰূপ জিলাৰ ৰঙিয়া আৰক্ষী চৌহদত মহিলা আৰু শিশুহিতৈষী কেন্দ্ৰ এটা মুকলি কৰি এই মন্তব্য কৰে আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে।

উল্লেখ্য যে এই উপলক্ষে অনুষ্ঠিত সভাত ব’ম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান হৰমিৎ সিং, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন, আৰক্ষী অধীক্ষক পাৰ্থসাৰথি মহন্ত, বচপন বচাও আন্দোলনৰ প্ৰতিনিধি ডঃ ৰশ্মি শৰ্মাসহ বহুকেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।