অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সাল-সলনি !

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সাল-সলনি !

October 11, 2020 0 By NEWS DESK

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সাল-সলনি।

কেইবাগৰাকী বিষয়াক বদলি কৰা হৈছে বিভিন্ন স্থানলৈ।

গুৱাহাটীৰ যানবাহন শাখাৰ ডিচিপি মায়ংক কুমাৰক কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।

পূৰ্বে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ পদত আছিল অসম আৰক্ষী সেৱাৰ বিষয়া কুমাৰ সঞ্জিত কৃষ্ণ।

কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক তথা অসম আৰক্ষী সেৱাৰ বিষয়া কুমাৰ সঞ্জিত কৃষ্ণক বৰপেটাৰ ইআৰআৰঅ’ৰ আৰক্ষী অধীক্ষকৰ পদত নিযুক্তি দিয়া হৈছে।

ইপিনে গুৱাহাটীৰ যানবাহন শাখাৰ (Traffic-II) এডিচিপি প্ৰাণজিত বৰাক পদোন্নতিসহ ডিচিপি (Traffic)হিচাপে নিযুক্তি দিয়া হৈছে।

পূৰ্বে এই পদত আছিল মায়ংক কুমাৰ।

গুৱাহাটীৰ এডিচিপি (অপৰাধ) আৰক্ষী অধীক্ষকৰ পদলৈ পদোন্নতিসহ গুৱাহাটীৰ ডিচিপি (পশ্চিম) হিচাপে নিযুক্তি দিয়া হৈছে প্ৰাণজিত বৰাক।