‘অসম জাতীয় পৰিষদ’ আৰু ‘ৰাইজৰ দল’ একত্ৰিত হৈ ২০২১ৰ নিৰ্বাচন খেলিব !

‘অসম জাতীয় পৰিষদ’ আৰু ‘ৰাইজৰ দল’ একত্ৰিত হৈ ২০২১ৰ নিৰ্বাচন খেলিব !

October 10, 2020 0 By NEWS DESK

এক হ’ব সদ্যগঠিত দুই আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল।

২০২১ৰ নিৰ্বাচনত একেলগে নিৰ্বাচনত অৱতিৰ্ণ হ’ব দুয়োটা আঞ্চলিক ৰাজনৈতিক দল।

নিৰ্বাচনত দুয়োটা দলৰ ভিতৰত বুজা পৰাৰে এটা সমষ্টিত এজনহে প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰা হব।

 আনুষ্ঠানিকভাৱে এই কথা সদৰি কৰিলে AJPৰ নেতা তথা ৰাজ্যিক সমন্বয়ক জগদীশ ভূঞাই।

প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে এ জে পি তৰফৰ পৰা এই কথা সদৰি কৰা হয়।

নৱেম্বৰৰ ভিতৰত দুয়োদলৰ মাজৰ মিত্ৰতাৰ ৰূপৰেখা প্ৰস্তুত হব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ভূঞাই।

উল্লেখ্য যে, এই দুই আঞ্চলিক শক্তি একলগ হ’বলৈ তৃণমূল পৰ্যায়ৰ পৰাও দাবী উত্থাপন হৈছিল।