অসম জাতীয় পৰিষদ (AJP) গঠনৰ আঁৰৰ অংক ব্যাখ্যা বিধায়ক শিলাদিত্যৰ

অসম জাতীয় পৰিষদ (AJP) গঠনৰ আঁৰৰ অংক ব্যাখ্যা বিধায়ক শিলাদিত্যৰ

September 24, 2020 0 By NEWS DESK

‘অসমীয়া’ মানুহৰ ভােট বিভাজনৰ লক্ষ্য AJPৰঃ শিলাদিত্য

হােজাই। সদৌ অসম ছাত্ৰ সন্থা (AASU) তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP)ৰ যৌথ উদ্যােগত গঠন হােৱা অসম জাতীয় পৰিষদ (AJP)ৰ বিষয়ে বহু বিস্ফােৰক মন্তব্য প্ৰকাশ কৰিছে বিতৰ্কিত বিজেপি বিধায়ক শিলাদিত্য দেবে।

হােজাইৰ বিধায়কজনৰ মতে অসমৰ কেইজনমান স্বাৰ্থপৰ নেতা-পালিনেতাই বাংলাদেশী মুছলমানক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে প্ৰথমে ৰাজপথত হুলস্থূল লগালে। তাৰ পাছত গঠন কৰিলে এ জে পি দল।

শিলাদিত্যৰ মতে, নিৰ্বাচনৰ সময়ত AJP দলক ভোট দিয়ক নেতাসকলে প্ৰচাৰ ঠিকেই চলাব, কিন্তু ভােটাৰ ৰাইজে পুৰণা AGP দলকহে ভােট দিব।

বিধায়কজনে দাবী কৰে যে কংগ্ৰেছ তথা এ আই ইউ ডি এফ দলক লাভান্বিত কৰিবলৈ ‘অসমীয়া’ মানুহৰ ভােট বিভাজনৰ বাবে চেষ্টা চলাব এই দলটােৱে।

বদৰুদ্দিন আজমলক অসম মুখ্যমন্ত্ৰী পতাটােৱে হৈছে AJP দলৰ প্ৰধান উদ্দেশ্য।

বিধায়ক শিলাদিত্যই প্ৰদান কৰা এই মন্তব্যৰ ভিডিঅ’ চাওকঃ