অসম বেডমিণ্টন সন্থাৰ সভাপতিৰ আসনত পুনৰ অধিষ্ঠিত মন্ত্রী হিমন্ত বিশ্ব শর্মা !

অসম বেডমিণ্টন সন্থাৰ সভাপতিৰ আসনত পুনৰ অধিষ্ঠিত মন্ত্রী হিমন্ত বিশ্ব শর্মা !

August 27, 2020 0 By NEWS DESK

অসম বেডমিণ্টন সন্থাৰ সভাপতিৰ আসনত পুনৰ অধিষ্ঠিত হৈছে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা।

৪ বছৰীয়া কার্যকালৰ বাবে  গঠিত সন্থাৰ নতুন সমিতিৰ সভাপতি হিচাপে ড০ শর্মা বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হয়৷

আৰ জি বৰুৱা ক্রীড়া প্রকল্পস্থিত কনকলতা বৰুৱা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত অসম বেডমিণ্টন সন্থাৰ বার্ষিক সাধাৰণ সভাই এই গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷

আনহাতে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ তুলিৰাম ৰংহাং অসম বেডমিণ্টন সন্থাৰ কার্যকৰী সভাপতি নির্বাচিত হৈছে৷

একেদৰে সাধাৰণ সম্পাদক পদত পুনৰ বাহাল থাকিল ওমৰ ৰছিদ৷

আৰক্ষী বিষয়া পার্থসাৰথি মহন্ত উপ–সভাপতি আৰু গৌতম মহন্তই কোষাধ্যক্ষৰ দায়িত্ব লাভ কৰে৷