Site icon NEWS8 NE

অসম-মিজোৰাম সীমান্তৰ ঘটনাত মৰ্মাহত মেঘালয়ৰ ৰাজ্যপাল, দিলে এই পৰামৰ্শ

নিউজ ডেস্ক। অসম তথা মিজােৰাম মাজত সীমা সমস্যাক লৈ শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাত উদ্বিগ্ন হৈ পৰিছে মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিক।

এই প্ৰতিবেদকৰ সৈতে মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলং স্থিত ৰাজভৱনত হােৱা এক আছুতীয়া সাক্ষাৎকাৰত এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিয়ে ৰাজ্যপালগৰাকীয়ে।

এই প্ৰতিবেদকৰ আগৰ মন্তব্য কৰি তেওঁ কয় যে দুই ৰাজ্য প্ৰশাসনৰ মাজত আলােচনাৰ জৰিয়তে এই সমস্যাৰ সমাধান উলিওৱা সম্ভৱ।

অসম-মেঘালয়ৰ মাজত সীমা সমস্যাৰ বিষয়ে সােধা প্ৰশ্ন সন্দৰ্ভত ৰাজ্যপাল মালিকে কয় যে দুই ৰাজ্যৰ মাজত সীমাক লৈ তেনে জটিল পৰিস্থিত বিৰাজ কৰা নাই যদিও মুখ্যমন্ত্ৰীদ্বয়ে বুজাবুজিৰ মাজেৰে এই সমস্যাৰ স্থায়ী সমাধান উলিয়াবলৈ সক্ষম।

ৰাজ্যপাল মালিকে কয় অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা অতি দুৰদর্শী আৰু ইতিবাচক চিন্তাধাৰাৰ ব্যক্তি। দুদিনমান পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ শ্বিলঙলৈ আহোতে ৰাজভৱনত অনুষ্ঠিত নৈশভোজত সীমা সমস্যা সমাধানৰ পথ মুকলি কৰাৰ বাবে ডঃ শৰ্মাই দীৰ্ঘদিনীয়া সমস্যাটো দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত আলোচনাৰ মাধ্যমেৰে ইতিবাচক দিশত সমাধান হ’ব বুলি আশা প্ৰকাশ কৰিছে।

এই সন্দৰ্ভত তেওঁৰ সৈতেও ডঃ শৰ্মাই কথা পাতিছে । ডঃ শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা দুয়োজনেই ডায়নেমিক ব্যক্তি বাবে সীমা সমস্যাটো জটিলতা নোহোৱাকৈ হ’ব বুলি কামনা কৰিছো।

ইফালে ক’ভিডকেন্দ্ৰিক পৰিস্থিতিৰ বাবে মেঘালয়লৈ বাহিৰৰ পৰা কোনো পৰ্যটক আহিব নোৱাৰা বাবে ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ পৰ্যটন উদ্যোগটো বিধ্বস্ত হৈ পৰিছে।

অৱশ্যে সমগ্ৰ দেশত তথা বিশ্বতে ক’ভিডৰ বাবে পৰ্যটন খণ্ডত নেতিবাচক প্ৰভাৱ পৰিছে। মেঘালয়ৰ পৰ্যটন খণ্ডটো তাৰ নেতিবাচক প্ৰভাৱ পৰিছে।

অৱশ্যে মেঘালয়ৰ ক’ভিডকেন্দ্ৰিক পৰিস্থিতি উন্নত হলে কিছু নীতি নিয়মৰ মাজেৰে বাহিৰৰ পৰা পৰ্যটক আহিবলৈ অনুমতি দিলে লাহে লাহে পৰ্যটন উদ্যোগটো ঠন ধৰি উঠিব। কিয়নো দীৰ্ঘদিনলৈ ই অব্যাহত থাকিলে ৰাজ্যৰ অৰ্থনীতিটো বিৰূপ প্ৰভাৱ পৰিব।

আনহাতে, শ্বিলং সংযোগী ৰেলপথ নিৰ্মাণ সন্দৰ্ভত ৰাজ্যপাল মালিকে কয় মুখ্যমন্ত্ৰী কনৰাড চাংমাই ইতিমধ্যে অসমৰ পৰা বৰ্ণিহাটলৈ ৰেলপথ নিৰ্মাণ হ’ব বুলি কিছুদিন আগতে তেওঁক সদৰি কৰিছে। আগন্তক দিনত ৰেলৰে শ্বিলং সংযোগ হোৱাৰ ক্ষেত্ৰত থকা জটিলতা দূৰ হ’ব বুলি মই আশাবাদী।

ৰে’লৰে শ্বিলং সংযোগ হলে নিত্যব্যৱহাৰ্য সা সামগ্ৰীৰ যোগান নিৰন্তৰ অব্যাহত থাকিব আৰু ৰাইজ উপকৃত হ’ব বুলি সত্যপাল মালিকে ব্যক্ত কৰে ।

Exit mobile version