অসম ৰাজ্যিক চিৰিয়াখানা বহিঃৰাজ্যৰ বণিয়াক অর্পণ কৰাৰ অভিযোগ উত্থাপন !

অসম ৰাজ্যিক চিৰিয়াখানা বহিঃৰাজ্যৰ বণিয়াক অর্পণ কৰাৰ অভিযোগ উত্থাপন !

September 4, 2020 0 By NEWS DESK

এইবাৰ ব্যক্তিগত খণ্ডলৈ যাব নেকি অসমৰ জাতীয় সম্পদ অসম ৰাজ্যিক চিৰিয়াখানা।

ৰাজ্য চৰকাৰে প্রায় ১৭৫ হেক্টৰ ভূ-খণ্ডত থকা অসম ৰাজ্যিক চিৰিয়াখানা পৰিচালনাৰ দায়িত্ব বহিঃৰাজ্যৰ বণিয়াক অর্পণ কৰা বুলি উত্থাপন হৈছে অভিযোগ।

চিৰিয়াখানা সুৰক্ষা মঞ্চই উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ৷

মঞ্চই জানিবলৈ দিয়া মতে, ৰাজ্য চৰকাৰে যোৱা ১৪ আগষ্টত অসম ৰাজ্যিক চিৰিয়াখানা গুজৰাটৰ দুটা প্রতিষ্ঠানক গতাই দিয়াৰ বাবে যাৱতীয় প্রস্তুতি সম্পন্ন কৰি তুলিছে৷

অৱশ্যে গুজৰাটৰ প্রতিষ্ঠান দুটাক সহযোগ কৰাৰ বাবে অসমৰো এটা ব্যক্তিগত প্রতিষ্ঠানক দায়িত্ব অর্পণ কৰা বুলি মঞ্চৰ তৰফৰ পৰা জানিব পৰা গৈছে।

ইপিনে, বিভাগীয় কর্তৃপক্ষৰ হেমাহিৰ বাবে যোৱা তিনি বছৰত ৰাজ্যিক চিৰিয়াখানাত প্রায় ১২০০ বিভিন্ন প্রজাতিৰ বন্যপ্রাণীৰ মৃত্যু হোৱা বুলি তেওঁ অভিযোগ উত্থাপন হৈছে।

২০১৭ চনৰ মে’ মাহৰ পৰা ২০১৯ চনৰ এপ্রিল মাহলৈ চিৰিয়াখানাত এহাজাৰ জীৱ-জন্তু মৃত্যুমুখত পৰাৰ বিপৰীতে ২০১৯ৰ এপ্রিলৰ পৰা চলিত বর্ষৰ আগষ্ট মাহলৈ চিৰিয়াখানাত প্রায় দুশ বন্যপ্রাণীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।