‘অস্কাৰ’ বঁটা লাভ কৰা প্রথমগৰাকী ভাৰতীয় ভানু আথেয়াৰ দেহাৱসান!

‘অস্কাৰ’ বঁটা লাভ কৰা প্রথমগৰাকী ভাৰতীয় ভানু আথেয়াৰ দেহাৱসান!

October 15, 2020 0 By NEWS DESK

বলীউডৰ জনপ্ৰিয় কষ্টিউম ডিজাইনাৰ ভানু আথেয়া আৰু নাই।

দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পাছত বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে আথেয়াৰে।

উল্লেখ্য যে, ‘অস্কাৰ’ বঁটা লাভ কৰা প্রথমগৰাকী ভাৰতীয় হ’ল ভানু আথেয়া।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ।

প্ৰায় ১০০খন ছবিত কষ্টিউম ডিজাইনাৰ হিচাপে কাম কৰিছিল আথেয়াই।

উল্লেখ্য যে, পৰিচালক ৰিছৰ্ড এটন’বৰোৰ ছবি ‘গান্ধী’ ছবিৰ বাবে আথেয়াই লাভ কৰিছিল অস্কাৰ।

ইয়াৰ উপৰিও, আমিৰ খানৰ জনপ্ৰিয় ছবি ‘লগান’ আৰু শ্ৰীদেৱী অভিনীত ছবি ‘চান্দনী’তো কাম কৰিছিল আথেয়াই।

১৯২৯চনৰ ২৮ এপ্ৰিলত কোলহাপুৰত জন্মগ্ৰহণ কৰিছিল আথেয়াৰে।