অহা ১৫ ছেপ্টেম্বৰৰ ভিতৰত আনুষ্ঠানিক ৰূপ পাব আছু-যুৱ ছাত্রৰ নতুন ৰাজনৈতিক দলে !

অহা ১৫ ছেপ্টেম্বৰৰ ভিতৰত আনুষ্ঠানিক ৰূপ পাব আছু-যুৱ ছাত্রৰ নতুন ৰাজনৈতিক দলে !

September 9, 2020 0 By NEWS DESK

১৫ ছেপ্টেম্বৰৰ ভিতৰত গঠন হ’ব আছু–যুৱ ছাত্রৰ নতুন ৰাজনৈতিক দল।

মঙলবাৰে সদৌ অসম ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে সংবাদ মাধ্যমৰ আগত প্রদান কৰা বক্তব্যত এই ইংগিত স্পষ্ট হৈ পৰিছে৷

সভাপতিগৰাকীয়ে কয়- ‘শীঘ্রে ৰাজনৈতিক দল গঠনৰ বিষয়টোক চূড়ান্ত ৰূপ দিয়া হ’ব৷’

ইপিনে নতুন দলটোত কৃষক মুক্তি সংগ্রাম সমিতি জড়িত হ’ব নে নাই, সেই সন্দর্ভত কয় যে, অসম, অসমীয়াৰ লগতে অসমত বাস কৰা প্রতিগৰাকী লোকৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবৰ বাবে সকলোকে একত্রিত কৰি এক সুদৃঢ় পদক্ষেপ ল’বৰ বাবে আছু আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে কাম কৰি আছে৷

ৰাজনৈতিক দল গঠন হোৱাৰ পিছত দলটোৱে ৰাজনৈতিক কথা-বতৰাসমূহ চূড়ান্ত কৰিব৷