অৰুণাচলৰ ভাৰত-চীন সীমান্তৰ পৰা অপহৃত ৫জন যুৱকক উদ্ধাৰ কৰিছে চীনৰ PLAইঃ কিৰেণ ৰিজিজু !

অৰুণাচলৰ ভাৰত-চীন সীমান্তৰ পৰা অপহৃত ৫জন যুৱকক উদ্ধাৰ কৰিছে চীনৰ PLAইঃ কিৰেণ ৰিজিজু !

September 8, 2020 0 By NEWS DESK

কিছুদিন পূৰ্বে অৰুণাচলৰ পৰা অপহৃত হৈছিল ৫ জন যুৱক।

উক্ত যুৱক কেইগৰাকীক চীনৰ পিপ’লছ ৰিপাব্লিক আৰ্মিয়ে উদ্ধাৰ কৰিছে।

টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুই।

ৰিজিজুই কয়- ‘চীনৰ পি এল এ ভাৰতীয় সেনাৰ তৰফৰ পৰা প্ৰেৰণ কৰা বাৰ্তাৰ উত্তৰ প্ৰেৰণ কৰিছে। ৫ জন যুৱকক চীন সীমান্তত পোৱা হৈছিল বুলি পি এল এ ফালৰ পৰা জানিব দিয়া হৈছে।

পিপ’লছ ৰিপাব্লিক আৰ্মিয়ে অৰুণাচল প্ৰদেশ সীমান্তত সন্ধানহীন হোৱা যুৱক ৫ জনক উদ্ধাৰ কৰিছে বুলি নিশ্চিত কৰি ভাৰতীয় সেনালৈ বাৰ্তা প্ৰেৰণ কৰে।

অৰুণাচলৰ যুৱক কেইগৰাকী হৈছে ক্ৰমে- ট’ছ ছিংগকাম, প্ৰশান্ত ৰিংগলিঙ, দোংগটু ইবিয়া, টানু বাকেৰ আৰু নাগাৰু ডিৰি।

যুৱক কেইগৰাকীক ভাৰতলৈ ঘুৰাই অনাৰ ক্ষেত্ৰত ইতিমধ্যে আনুষ্ঠানিকতা আৰম্ভ কৰা হৈছে।