NEWS8 NE

অৰুণাচল প্ৰদেশত কৰ্তব্যৰত অৱস্থাত শ্বহীদ ভাৰতীয় সেনাৰ চুবেদাৰ

নিউজ ডেস্কঃ অৰুণাচল প্ৰদেশত শ্বহীদ হোৱা এগৰাকী ভাৰতীয় সেনা জোৱানৰ পৰিয়াললৈ বিশেষ ঘোষণা কৰিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে।

উল্লেখ্য যে, পঞ্জাৱৰ হুছিয়াৰপুৰৰ নিৱাসী ভাৰতীয় সেনাৰ চুবেদাৰ হৰদ্বীপ সিঙে অৰুণাচল প্ৰদেশত কৰ্তব্য পালন কৰি থকাৰ সময়তে শ্বহীদ হয়।

এই বাতৰি লাভ কৰাৰ পিছতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে গভীৰ শোক ব্যক্ত কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে সেনা জোৱানজনৰ পৰিয়ালক ১ কোটি টকাৰ ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে।

টুইটযোগে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

জানিব পৰা মতে, হুছিয়াৰপুৰৰ গাঢ়দিৱাড়া তেহচিলৰ অন্তৰ্গত বাৰান্দা গাঁৱৰ নিৱাসী চুবেদাৰ হৰদ্বীপ সিঙে শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ এলএচিৰ সমীপত টহল দি থকাৰ সময়তে শ্বহীদ হয়।

Exit mobile version