অৰুণাচল প্ৰদেশৰ চীন সীমান্তক লৈ বিশেষ সতৰ্কতা ভাৰত চৰকাৰৰ

অৰুণাচল প্ৰদেশৰ চীন সীমান্তক লৈ বিশেষ সতৰ্কতা ভাৰত চৰকাৰৰ

September 3, 2020 0 By NEWS DESK

প্ৰতিবেশী ৰাষ্ট্ৰ চীনৰ সৈতে লাডাখ সীমান্তত অব্যাহত থকা উত্তেজনাময় পৰিস্থিতিৰ মাজতে ভাৰত চৰকাৰে অৰুণাচল প্ৰদেশৰ চীন সীমান্ততাে অধিক সতৰ্কতা অৱলম্বন কৰিছে।

অৰুণাচল প্ৰদেশ সীমান্তত ভাৰতীয় সেনা বাহিনীয়ে অতিৰিক্ত সেনা মোতায়েন কৰা বুলি সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত প্ৰকাশ।

মূলতঃ চীনৰ সম্ভাব্য আগ্ৰাসনৰ মোকাবিলা কৰাৰ বাবেই আগতীয়া ব্যৱস্থা লৈছে ভাৰতে।

উল্লেখ্য যে ১৫ আৰু ১৬ জুনৰ নিশা গলৱান উপত্যকাত হোৱা সংঘৰ্ষত এজন কৰ্ণেলসহ ২১ জন ভাৰতীয় জোৱানে প্ৰাণ হেৰুৱাইছিল।

সেই সংঘৰ্ষত চীনৰ পিপলছ লিবাৰেচন আৰ্মীৰো কেইবাজনো জোৱান নিহত হৈছিল।

তাৰ পিছত শেহতীয়াকৈ পূব লাডাখৰ পেংগং চোতো দুয়ো দেশৰ সেনাৰ মাজত সংঘাতৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতি উত্তপ্ত হৈ পৰে।

এনে সময়তে সংবাদ প্ৰতিষ্ঠান খবৰ অনুসৰি অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তৰ জিলা অনজোত ভাৰতীয় সৈন্য বৃদ্ধি কৰা হৈছে।

অৱশ্যে সৈন্য বাহিনীৰ ফালৰপৰা অৰুণাচল প্ৰদেশত সৈন্যৰ বিশেষ সঞ্চালনৰ কথা আস্বীকাৰ কৰা হৈছে।

এই মুহূৰ্তত চিন্তা কৰিবলগীয়া একো নাই বুলি কয় এগৰাকী সেনা বিষয়াই।

উল্লেখ্য যে ভাৰতৰ স্থল সেনা তথা বায়ু সেনাৰ মুৰব্বীদ্বয়ে ইতিমধ্যে অসম তথা অৰুণাচল প্ৰদেশত উপস্থিত হৈ সীমান্তৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সেনাক যিকােনাে পৰিস্থিতিৰ বাবে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে।