অৰুণাচল প্ৰদেশৰ সীমান্তৰ পৰা ৫ গঞাক অপহৰণ চীনা সৈন্যৰ, চাঞ্চল্য

অৰুণাচল প্ৰদেশৰ সীমান্তৰ পৰা ৫ গঞাক অপহৰণ চীনা সৈন্যৰ, চাঞ্চল্য

September 5, 2020 0 By NEWS DESK

লাডাখত ভাৰত-চীন সীমান্তত দুই দেশৰ মাজত শেহতীয়াভাৱে বিৰাজ কৰা চৰম উত্তেজনাময় পৰিস্থিতিৰ মাজতে এইবাৰ অৰুণাচল প্ৰদেশৰ সীমান্তত সংঘটিত হ’ল এক অঘটন।

জানিব পৰা মতে, চীনৰ পিপ’লছ্ লিবাৰেশ্যন আৰ্মিয়ে ৰাজ্যখনৰ চীন সীমান্তৰ পৰা ‘অপহৰণ’ কৰি নিয়ে ৫ জনকৈ স্থানীয় গঞাক।

অৰুণাচল প্ৰদেশৰ আপাৰ সুবনশিৰি জিলাৰ নাচাে নামৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

চীনা সৈন্যই ‘অপহৰণ’ কৰা লােককেইজন স্থানীয় টেজিন জনজাতিৰ লােক।

জানিব পৰা মতে, লােককেইজনে বনাঞ্চলত চিকাৰ কৰাত ব্যস্ত থকাৰ সময়তে এই ঘটনা সংঘটিত হয়।

সন্ধানহীন প্ৰচত ৰিংগলিং

সন্ধানহীন লােককেইজনৰ নাম হ’লঃ ট’চ চিংকাম, প্ৰচত ৰিংগলিং, ডংটু ইবিয়া, তানু বাকেৰ তথা গাৰু দিৰি।

ঘটনা সংক্ৰান্তত অৰুণাচল প্ৰদেশৰ কংগ্ৰেছ বিধায়ক তথা প্ৰাক্তন সাংসদ নিনংগ ইৰিং টুইট কৰিছে।

তেওঁ কয় কয় চাৰি মাহ পূৰ্বেও চীনা সৈন্যই অনুৰূপ ঘটনা সংঘটিত কৰিছিল।