অৰুণাচল প্ৰদেশৰ ৰিজ’ৰ্টত নৈশ পাৰ্টীত অংশ লৈ ক’ভিড-১৯ পজিটিভ হ’ল ৬২! গােচৰ ৰুজু

অৰুণাচল প্ৰদেশৰ ৰিজ’ৰ্টত নৈশ পাৰ্টীত অংশ লৈ ক’ভিড-১৯ পজিটিভ হ’ল ৬২! গােচৰ ৰুজু

September 6, 2020 0 By NEWS DESK

ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ ৰােধ কৰি জনসাধাৰণৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰ সমূহে বহু নীতি-নিৰ্দেশনা বলৱৎ কৰিছে যদিও একাংশ কাণ্ডজ্ঞানহীন লােকৰ বাবে এই ভাইৰাছৰ সংক্ৰমণ ভয়ংকৰ হাত বৃদ্ধি পাবলৈ ধৰিছে।

এইবাৰ অৰুণাচল প্ৰদেশৰ এখন ৰিজ’ৰ্টত নৈশ পাৰ্টীৰ পাছতে পাৰ্টীত অংশগ্ৰহণ কৰা কমেও ৬২ জন লােক ক’ভিড-১৯ পজিটিভ হােৱা ঘটনাই ৰাজ্যখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

হমগাে ৰিগ’ ৰিজ’ৰ্ট

জানিব পৰা মতে, ৱেষ্ট চিয়াং জিলাৰ হিপু নৈৰ পাৰত অৱস্থিত হমগাে ৰিগ’ নামৰ এখন ৰিজ’ৰ্টত শনিবাৰে এটা নৈশ পাৰ্টীৰ আয়ােজন কৰা হৈছিল।

‘আল’ মেডনেছ’ শীৰ্ষক এই অনুষ্ঠানত উদ্যােক্তাসকলে ক’ভিড প্ৰট’ক’ল ভংগ কৰাৰ ভয়ংকৰ পৰিণতি দেখা গ’ল।

এই অনুষ্ঠানৰ চাৰি দিনৰ পাছত অংশগ্ৰহণকাৰী ১৩ জন ব্যক্তি তথা তেওঁলােকৰ সম্পৰ্কত অহা ব্যক্তি ক’ভিড-১৯ পজিটিভ বুলি ধৰা পৰে।

তাৰ পাছতে প্ৰশাসনে কন্টেক্ট ট্ৰেছিঙৰ জৰিয়তে আন আন লােকৰ ক’ভিড-১৯ পৰীক্ষা কৰাত আৰু ৪৯ জন ব্যক্তি ক’ভিড-১৯ত আক্ৰান্ত হােৱা বুলি চিনাক্ত কৰা হয়।

এই ঘটনা প্ৰচাৰৰ লগে লগে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ইতিমধ্যে স্থানীয় প্ৰশাসনে উদ্যােক্তাসকলৰ বিৰুদ্ধে গােচৰ ৰুজু কৰাৰ লগতে ভাইৰাছৰ সংক্ৰমণ ৰােধৰ বাবে অঞ্চলটােত ১৪৪ ধাৰা বলৱৎ কৰিছে।