NEWS8 NE

অৰুণাচল প্ৰদেশ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰীৰ ক’ভিড-১৯ত মৃত্যু

নিউজ ডেস্ক। ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয়টাে ঢৌত বিৰূপ প্ৰভাৱ পৰিছে অসমৰ প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশতাে।

ক’ভিড -১৯ আক্ৰান্ত হৈ দেওবাৰে মৃত্যু হয় অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী ডিবাং টাটাক।

চিম্পুৰ এখন কভিড চিকিৎসালয়ত মৃত্যু হয় প্ৰাক্তন মন্ত্ৰী গৰাকীৰ। তেওঁ ক’ভিড-১৯ত আক্ৰান্ত হৈ যোৱা কিছুদিন ধৰি ভৰ্তি হৈ আছিল চিকিৎসালয়ত।

টাটকে ৰামগং বিধানসভা সমষ্টিৰ পৰা দুবাৰৰ বাবে বিধায়ক হৈছিল। খবৰ অনুসৰি টাটাক আছিল এজন মধুমেহ ৰােগী আৰু হৃদ ৰোগত আক্ৰান্ত ব্যক্তি।

উল্লেখ্য যে প্ৰাক্তন মন্ত্ৰী গৰাকীৰ মৃত্যুত টুইটাৰ যোগে শোক প্ৰকাশ কৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, উপ মুখ্যমন্ত্ৰী চৌনা মে, প্ৰাক্তন মুখ্যমন্ত্ৰী নবাম টুকি, বিধানসভাৰ অধ্যক্ষ পাসাং দৰ্জি চনা, কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু আৰু বহু কেইজন নেতাই।

মুখ্যমন্ত্ৰী পেমা খান্দুৱে কয় যে, “জানিবলৈ পায় অতি দুখ পাইছো যে প্ৰাক্তন মন্ত্ৰী ডিবাং টাটাক আৰু নাই। ভগৱানে তেওঁৰ পৰিয়ালক এই সময়ত শক্তি দিয়ক। আৰু তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক।”

Exit mobile version